শিৱসাগৰৰ দৰিকাপাৰত ভয়ংকৰ অগ্নিকাণ্ড! ৰং নিৰ্মাণ কৰা উদ্যোগত লাগিল দাউদাউকৈ জুই

শিৱসাগৰ জিলাৰ দৰিকাপাৰৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত আজি পুৱা সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ড। ৰং নিৰ্মাণ কৰা এখন উদ্যোগৰ টেংকীত অজ্ঞাত কাৰণত এই জুই লাগিছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, উদ্যোগটোত হাজাৰ হাজাৰ লিটাৰ জ্বলনশীল থ্ৰীনাৰ সংগ্ৰহ থকা অৱস্থাত টেংকীত জুই ধৰাৰ ফলত মুহূৰ্ততে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে।

ঘটনাস্থলীৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰৈৰ পৰা জুইৰ শিখা আৰু ক’লা ধোঁৱাই চৌদিশে ভাহি পৰে। স্থানীয় ৰাইজত সৃষ্টি হয় এক আতংক।
ঘটনাৰ খবৰ পোৱা লগে লগে অগ্নিনিৰ্বাপক বিভাগৰ কেইবাখনো বাহন ঘটনাস্থলীত আহি জুই নিয়ন্ত্ৰণৰ বাবে নিৰন্তৰ চেষ্টা চলায়।

এই অগ্নিকাণ্ডৰ ফলত উদ্যোগটোৰ যথেষ্ট ক্ষয়-ক্ষতি হোৱাৰ আশংকা কৰা হৈছে, যদিও বৰ্তমানলৈকে কোনো লোক হানি খবৰ পোৱা হোৱা নাই।
জুই কেনেকৈ লাগিল, সেই সন্দর্ভত এতিয়ালৈকে স্পষ্ট তথ্য নোলোৱালৈকে অনুসন্ধান অব্যাহত ৰাখিছে।