শিৱসাগৰৰ নিউ লুক একাডেমী গঢ়িলে শিক্ষা খণ্ডৰ নতুন অভিলেখ….
১১ বছৰ ধৰি ১০০% প্রথম বিভাগত উত্তীৰ্ণৰ অনন্য ৰেকৰ্ড, ৰাজ্যিক পর্যায়তো এক আদৰ্শ প্ৰতিষ্ঠান

শিৱসাগৰৰ নিউ লুক একাডেমী শিক্ষাৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বিগত ১১ বছৰ ধৰি মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (HSLC) বিদ্যালয়খনৰ সকলো শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ৰাজ্যিক পৰ্যায়তো এক অনন্য দৃষ্টান্ত স্থাপন কৰিছে।

এইবাৰো বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সকলোৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাটো মাথোঁ সাফল্য নহয়, বৰং শিক্ষাৰ মান আৰু অধ্যয়ন প্ৰতি প্ৰতিষ্ঠানখনৰ নিষ্ঠাৰ প্ৰতিফলন। তাৰ ভিতৰত ১৯ গৰাকীয়ে ডিষ্টিংচন, ১৬ গৰাকীয়ে ষ্টাৰ নম্বৰ আৰু ৭ গৰাকীয়ে সকলো বিষয়ত লেটাৰ নম্বৰৰ সৈতে উত্তীৰ্ণ হৈছে। বিশেষকৈ, জুনাক জিলমিল বৰুৱা (ভৌগোলিক), অংচিত শইকীয়া, অভিজ্ঞান ডিহিঙীয়া, আৰু অনুৰাগ বৰুৱাই (সৰল গাণিত) ৰাজ্যিক পৰ্যায়ত যথাক্ৰমে বিষয়ৰ সৰ্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ গৰিমা বৃদ্ধি কৰিছে।

ফুকন নগৰ কালিবাৰী পথত অৱস্থিত, এক বিশাল আৰু প্ৰাকৃতিক পৰিবেশৰে গঢ়া নিউ লুক একাডেমী ২০০৪ চনত বিশিষ্ট শিক্ষাবিদ শ্রীমন্ত বৰঠাকুৰৰ ঐকান্তিক প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰে। শিক্ষাৰ্থীৰ ওপৰত সুনিৰ্দিষ্ট লক্ষ্য আৰু সাধাৰণ পৰিয়ালৰ ধনসম্পদৰ সীমা চিন্তা কৰি নিৰ্মল মনোভাৱৰে আগবাঢ়ি অহা এই শিক্ষা প্ৰতিষ্ঠানখন বৰ্তমানে শিৱসাগৰবাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।

শিক্ষাৰ্থীৰ বাবে কেৱল পাঠ্যপুথিলৈকে সীমাবদ্ধ নহয়, তেওঁলোকৰ সামগ্ৰিক মানসিক, নৈতিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰতো বিদ্যালয়খন সদায় সচেতন। শিক্ষকসকলৰ নিষ্ঠা, বিদ্যালয় পৰিচালনাৰ স্বচ্ছতা আৰু অভিভাৱকৰ সহায়-সহযোগিতা এই সাফল্যৰ আঁৰৰ অনবদ্য অংশ।

এই ধাৰাবাহিক সাফল্যই নিউ লুক একাডেমীক কেৱল শিৱসাগৰৰ নহয়, সমগ্ৰ অসমৰ শিক্ষাবিভাগৰ বাবে এক আদৰ্শ শিক্ষা প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰিছে। যিকোনো বেচৰকাৰী বিদ্যালয়ৰ বাবে ই এক অনুকৰণীয় উদাহৰণ, য’ত ঐকান্তিক সেৱাৰ মনোভাৱে সকলো বাধা অতিক্ৰম কৰি গন্তব্যলৈ লৈ গৈছে।