শিৱসাগৰৰ ভটিয়াপাৰত গেছ নিৰ্গমণৰ সংকট ! নিশা পুনৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি

চতুৰ্থ ব্ৰুমিং প্ৰচেষ্টা বিফল হোৱাকলৈ — আশ্ৰয় শিবিৰত থকা ৰাইজৰ মাজত হাঁহাকাৰ, উত্তাল ভটিয়াপাৰ

শিৱসাগৰ জিলাৰ ভটিয়াপাৰস্থিত অ এন জি চিৰ গেছ ৰীগত নিৰ্গত হৈ থকা গেছ নিয়ন্ত্ৰণৰ চতুৰ্থ ব্ৰুমিং প্ৰক্ৰিয়া বিফল হোৱাৰ পাছত অঞ্চলটোত নিশা পুনৰ উত্তেজনা সৃষ্টি হয়। ঘটনাস্থলীত গেছৰ ভয়ংকৰ নিগৰ্মণে ৰাইজৰ মাজত গভীৰ আশংকা আৰু ক্ষোভৰ জন্ম দিয়ে।

চাৰিদিন ধৰি অব্যাহতভাৱে গেছ নিৰ্গমন হৈ থকাৰ ফলত ৰাইজে নিজৰ ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰলৈ ঠাই সলনি কৰিব লগা হৈছে। বিশেষকৈ নিশাৰ সময়ত গেছৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু বিস্ফোৰণৰ আশংকাত এলেকাবাসীয়ে নিশা উজাগৰে কটাইছে।

স্থানীয় ৰাইজে শেষত জাঙুৰ খাই উঠিছে অ এন জি চিৰ বিৰুদ্ধে যাকলৈ তীব্ৰ উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছে।। ৰাইজে “অ এন জি চি “অ এন জি চিৰ বিৰুদ্ধ তীব্ৰ ক্ষোভ উজাৰি বিস্ফোৰক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী বাহিনী আৰু প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। যদিও ৰাইজৰ মূল দাবী — গেছৰ নিগৰ্মণ তৎকাল বন্ধ কৰিব লাগিব আৰু স্থানীয় লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰিব লাগিব।

বিশ্লেষকসকলৰ মতে, এই ঘটনাই বাঘজানৰ দৰে ভয়ংকৰ স্মৃতিকেই পুনৰাবৃত্তিৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে। য’ত গেছৰ বিস্ফোৰণে বহুতো প্ৰাণহানি আৰু পৰিৱেশ ধ্বংস হৈছিল। ভটিয়াপাৰ ক্ষেত্ৰতো যদি সঠিক পদক্ষেপ তৎকালীন ভাৱে গ্রহণ নকৰিলে, তেন্তে এক ডাঙৰ দুৰ্ঘটনাৰ সম্ভাৱনা অস্বীকাৰযোগ্য নহয় বুলি ৰাইজৰ মত।

এনে পৰিস্থিতিত শিৱসাগৰ জিলা প্ৰশাসনে কিমান তৎপৰভাৱে কাম কৰে আৰু অ এন জি চিয়ে জনসাধাৰণৰ নিৰাপত্তা লৈ কিমান দায়িত্বশীল ভাৱে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া বৰ্তমানৰ গভীৰ প্ৰশ্ন হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top