শিৱসাগৰ জিলা কংগ্ৰেছত খহনীয়া। সাধাৰণ সম্পাদক হেমকান্ত গগৈৰ পদত্যাগ

শিৱসাগৰ জিলা কংগ্ৰেছত এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক খহনীয়া সংঘটিত হৈছে। জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা নামতি আলি অঞ্চলৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী হেমকান্ত গগৈয়ে দলৰ অভ্যন্তৰীণ নেতৃত্বৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি পদত্যাগ কৰিছে। তেওঁ নিজৰ পদত্যাগ পত্ৰ জিলা কংগ্ৰেছৰ সভাপতিৰ ওচৰলৈ প্ৰেৰণ কৰিছে।

হেমকান্ত গগৈ ১৯৯১ চনৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে দলৰ লগত জড়িত হৈ আছে। বিভিন্ন সময়ত দলৰ বিভিন্ন আন্দোলন আৰু কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অহা গগৈয়ে এইবাৰ নামতি আলি অঞ্চলৰ পৰা পঞ্চায়ত নিৰ্বাচনত আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে প্ৰাৰ্থীত্ব আগবঢ়াইছিল।

তেওঁ অভিযোগ উত্থাপন কৰি কয় — “এইবাৰ পঞ্চায়ত নিৰ্বাচনক জিলা কংগ্ৰেছৰ নেতৃত্বই অত্যন্ত গম্ভীৰভাৱে লোৱা নাই। দলীয় প্ৰাৰ্থীসকলক যথাযথ গুৰুত্ব নিদিয়া হৈছে। সংগঠনত এক বিসংগতি পৰিলক্ষিত হৈছে, যি কংগ্ৰেছৰ বাবে হতাশাজনক। সঁচা কৰ্মীৰ মনোবল ভাঙি পেলোৱা হৈছে।”

তেওঁৰ পদত্যাগত শিৱসাগৰ কংগ্ৰেছত সাংগঠনিক দুৰ্বলতাৰ ইঙ্গিত পোৱা গৈছে বুলি ৰাজনৈতিক মহলৰ অভিমত। হেমকান্ত গগৈৰ দৰে অভিজ্ঞ আৰু দীঘলীয়া সময় ধৰি দলৰ লগত জড়িত এগৰাকী নেতাৰ পদত্যাগে আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলটোক প্ৰভাৱিত কৰিব পাৰে বুলি চৰ্চা উঠিছে।

এই ঘটনাৰ পিছত শিৱসাগৰ জিলা কংগ্ৰেছত আন অভ্যন্তৰীণ অসন্তোষো আগলৈ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰাজনৈতিক পৰ্যবেক্ষকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top