সুৰা নোপোৱাৰ খঙত মাতৃৰ মূৰ ফালিলে পুত্ৰই — শিৱসাগৰত নৰকীয় ঘটনা…
‘গাৰৰ নোমে শত্ৰু’ ক’থাটো পুনৰ প্ৰমাণিত

অসমীয়া সমাজত বহুল ব্যৱহৃত ক’থা “গাৰৰ নোমে শত্ৰু” পুনৰ সত্য প্ৰমাণ কৰিলে শিৱসাগৰৰ এটা কুলাংগাৰ পুত্ৰই। শিৱসাগৰ জিলাৰ ফুকননগৰ ন-পাম গাঁৱত সংঘটিত হৈছে এটি হৃদয়বিদাৰক ঘটনা, য’ত পুত্ৰই মাতৃৰ স্নেহক নিলজ্জভাৱে পদধূলিত কৰি অমানৱীয় কাণ্ড সংঘটিত কৰে।

৭০ বছৰীয়া পাৰ্বতী গোৱালাই তেওঁলোকৰ পুত্ৰ ৰতন গোৱালাৰ (বয়স প্ৰায় ৪৫) হাতত শাৰীৰিক অত্যাচাৰৰ বলিৰ সন্মুখীন হ’ব লগা হয়। পুত্ৰই সুৰা সেৱন কৰিবলৈ ধন বিচাৰিলে, কিন্তু ধনৰ যোগান নিদিয়াৰ বাবে মাতৃক নিৰ্মমভাৱে আক্ৰমণ কৰি মূৰত আঘাত দিয়ে।

অসুস্থ অৱস্থাত থকা বৃদ্ধা মাতৃয়ে প্ৰকাশ কৰে যে, তেওঁৰ পুত্ৰ ৰতনে ইতিমধ্যে সুৰা সেৱন কৰি মাতাল অৱস্থাত আছিল। আগতে বহু বাৰ ৰতনে মাতৃক শাৰিৰীকভাৱে অত্যচাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ, কিন্তু প্ৰতিবাৰেই আৰক্ষীক অৱগত কৰাৰ পিছতো কোনোধৰণৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। ফলত, এইবাৰ পোনপটীয়াকৈ মাতৃৰ মূৰত নিৰ্মমভাৱে প্ৰহাৰ কৰি ফালি দিয়াত চিলাই কৰি দিব লগা পৰিস্থিতি সৃষ্টি হয়। তথা মৃত্যুমুখৰ পৰা ৰক্ষা পৰে।

এই ঘটনাই পুনৰ প্ৰশ্ন উত্থাপন কৰিছে — কোনো ব্যক্তিৰ জীৱন সংকটত নপৰালৈকে বা শৰীৰৰ পৰা ৰক্ত বৈ নোহোৱালৈকে কিয় আৰক্ষীয়ে পদক্ষেপ লয় নে? লগতে, মাতৃৰ ওপৰত এই ধৰণৰ নিৰ্মম অত্যাচাৰৰ ক্ষেত্ৰত বিজেপি চৰকাৰে ‘মাতৃ-শক্তি’ বুলিয়ে প্ৰচাৰ চলাই থকাৰ পাছতো কোনোধৰণৰ প্ৰতিক্ৰিয়া বা পদক্ষেপ লব নে নলয় — এইটোও এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top