স্বাস্থ্য কৰ্মীৰ তীব্ৰ প্ৰতিবাদত উত্তাল সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ….

সমগ্র ৰাজ্যৰ লগতে এইবাৰ সৰভোগতো স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদ স্বাস্থ্য কৰ্মীৰ তীব্ৰ প্ৰতিবাদে উত্তাল কৰি তুলে সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত।

কৰ্মবিৰতি সদৌ অসম স্বাস্থ্য কাৰিকৰী আৰু কল্যাণ সংস্থা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত একেৰাহে তিনিদিন ধৰি চলি আছে তীব্ৰ প্ৰতিবাদ ।

NHM ৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলক সম্মানসকাৰে জীয়াই থাকিবলৈ দিয়ক , ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰক , NHM ৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক স্থায়ী পদত নিযুক্তি দিয়ক আদি নানা শ্লোগানেৰে উত্তাল কৰি তুলে সৰভোগৰ স্বাস্থ্য কেন্দ্ৰত ।

স্বাস্থ্য কৰ্মীসকলে উপযুক্ত দৰমহা নাপাই আজি তিনিদিন ধৰি প্ৰতিবাদ কৰি আছে । তেওঁলোকে এই দৰমহাৰে সংসাৰখন ভালদৰে চলাব পৰা নাই বুলি জানিব দিয়ে ।

স্বাস্থ্য কৰ্মীসকলে জৰুৰীকালীন সেৱা প্ৰদান কৰি আছে আৰু ইপিনে সাধাৰণ ৰোগীসকলে চিকিৎসাৰ অভাৱত ভুগিব লগা হৈছে ।

অসম বিধানসভা চলি থকা মাজতো কোনো মন্ত্ৰী বিধায়কে স্বাস্থ্য কৰ্মীসকলৰ দুৰদৰ্শা বিষয়ে মাত নামাতিলে আৰু স্বাস্থ্য বিভাগৰ পৰা কোনো সহাৰি নাপালে বুলি জানিব দিয়ে ।

। সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক এই বিষয় লৈ বিধানসভাৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰিবলৈ আৰু অসম মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য কৰ্মীসকলৰ দাবী আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top