হেঁপাহৰ ৰঙালীৰ আগমনৰ লগে লগে সাজু হৈ উঠিছে বিহু দল সমূহ

হেঁপাহৰ ৰঙালীৰ আগমনৰ লগে লগে সাজু হৈ উঠিছে বিহু দল সমূহ। দিনে নিশাই ব্যস্ত হৈ পৰিছে আখৰাত। ৰঙিয়াৰ দোদেতীয়াৰ কুঁহিপাত বিহু দলৰ সদস্য সকল ব্যস্ত হৈছে বিহুৰ আখৰাত। পথাৰৰ মাজত গছৰ তলত জুৰিছে বিহু, ঢোল পেঁপাৰ মাতত লাহি কঁকাল ভাঙিচে নাচনীয়ে। মঞ্চই মঞ্চই খলকনি তুলিবলৈ ইতিমধ্যে নিজকে সাজু কৰি তুলিছে কুঁহিপাত বিহু দলে।

উজনিৰ পৰা নামনি লৈ কেইবাখনো বিহু সমিতিয়ে চুক্তিবদ্ধ হৈছে কুঁহিপাত বিহু দলৰ সৈতে। অহা ১ বহাগৰ পৰা আৰম্ভ কৰিব বিহুৰ অনুষ্ঠান। আনফালে ঘৰৰ কাম কাজ কাটি কৰি আখৰা চাবলৈ আহিছে গাঁৱৰ জীয়ৰী, বোৱাৰীৰ পৰা বৃদ্ধ লৈ সকলো।