
ৰঙিয়াৰ ঐতিহ্যমণ্ডিত কৃষক শ্বহীদ ভৱনত আজি দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে ৰঙালী বিহু।
কাৰ্য্যসূচী অনুসৰি প্ৰাক্তন ছাত্ৰ নেতা সমন্বিতে ৰঙিয়াৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিক একোখনকৈ আৰ’নাইৰে সম্বৰ্দ্ধনা জনোৱা হয়।

লগতে কনিষ্ঠজনে জেষ্ঠজনৰ শ্ৰীচৰণত সেৱা লয়।
আনহাতে ৰঙালী বিহু উপলক্ষে কেবাটাও নৃত্য দলৰ দ্বাৰা বিভিন্ন জনগোষ্ঠীয় নৃত্যও প্ৰদৰ্শন কৰা হয়।
