ৰঙিয়াত কৰুণ ঘটনা, বিদ্যুৎপৃষ্ট হৈ মৃত্যু এজনৰ….
ৰঙিয়া ৰেল ষ্টেচনত সংঘটিত হৈছে এই কৰুণ ঘটনা ।ৰাজীৱ আলী নামৰ ৩০ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু।বিদ্যুৎস্পৃষ্ট হৈ ৰাজীৱে সাৱটিলে কৰুণ মৃত্যুক।

ৰঙিয়া ৰেল ষ্টেচনত ঠিকাদাৰৰ নিৰ্দেশত বিদ্যুতৰ কামত কৰ্মৰত অৱস্থাত আছিল ৰাজীৱ।
তাত উচ্চ ক্ষমতাসম্পন্ন তাঁৰত লাগি থকা বাঁহত লাগি প্ৰথমাৱস্থাত গুৰুতৰ ভাৱে আহত হয় ৰাজীৱ আলী।
তাৰপিছত ততাতৈয়াকৈ ৰঙিয়াৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নিয়া হয় যদিও কিছুসময় পাছতে মৃত্যু হয় ৰাজীৱ আলীৰ।
মৃত্যুৰ পিছত চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
শেষত ৰেল আৰক্ষী আৰু ৰঙিয়া আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰন কৰে ।

মৃত্যুৰ সময়ত পত্নী আৰু একমাত্ৰ পুত্ৰক এই ইহসংসাৰত এৰি যায় ৰাজীৱে।