ৰঙিয়াত চত্তিছগড়ৰৰ ৰাজ্যপাল ৰমেন ডেকাক সম্বৰ্দ্ধনা

ৰঙিয়াত চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ সম্বৰ্দ্ধনা অনুষ্ঠান । ৰঙিয়াৰ প্ৰায় ৭০ টাকৈ দল সংগঠনে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত সম্বৰ্দ্ধনা জনোৱা হয় ৰাজ্যপাল ৰমেন ডেকাক ।

ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপাল ডেকাই কয় যে, পৰিৱৰ্তনশীল সময়ৰ গতিত সলনি হৈছে পৰিৱেশ । সলনি হৈছে জীৱন শৈলী । জীৱন বৰ অনুপম , ইয়াক যাপন কৰিব লাগে । মানুহে সামৰ্থ্য অনুসৰি আনন্দ উপভোগ কৰিব লাগে । প্ৰচুৰ অৰ্থ ব্যায় কৰি আনন্দ উপভোগ কৰাকে নুবুজায় । গতিশীল জীৱনত মানুহে পৰিৱেশ আৰু পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলিব পাৰিলেহে জীৱনৰ সাৰ্থকতা থাকে । সাম্প্ৰতিক পৰিস্থিতিত জৈৱ বৈচিত্ৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ ৰাজ্যপাল ডেকাই লগতে কয় যে আমি গছ কটা বন্ধ কৰিব লাগিব ।গছ থাকিলেহে মানুহ থাকিব এই ধাৰনাৰে নতুন প্ৰজন্মকো উদ্বুদ্ধ কৰিব লাগিব বুলি তেওঁ দোহাৰে । জ্যেষ্ঠ বিজেপি নেত্ৰী সুৰভী লহকৰে আদৰণি ভাষণৰে আৰম্ভ কৰা অনুষ্ঠানত উপস্থিত থাকি ৰাজ্য সভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, দৰং -ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু স্থানীয় বিধায়ক ভবেশ কলিতাই ৰাজ্যপাল ৰমেন ডেকাৰ ৰাজনৈতিক পৰিক্ৰমাৰ ওপৰত ভাষণ প্ৰসঙ্গত আলোকপাত কৰে ।

বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ৰঙিয়াৰ সামাজিক -সাংস্কৃতিক তথা ধৰ্মীয় ক্ষেত্ৰৰ লগত জড়িত অৰ্দ্ধশতাধিক সমিতিয়ে ৰাজ্যপাল গৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ৰঙিয়াৰ ভিন্ন প্ৰান্তৰ সমবেত পাঁচ শতাধিক লোকৰ উপস্থিতিত ৰূপায়িত কাৰ্যসূচীৰ মাজতে সৃষ্টি কলিতাই বৰগীত পৰিৱেশনৰে সমবেত লোকসকলক আপ্লুত কৰে

জ্যেষ্ঠ বিজেপি নেতা বিজয় গুপ্তা ,কলিতা জনগোষ্ঠী সন্মিলন অসমৰ সভাপতি সোনেশ্বৰ কলিতা ,শিল্পী পেন্সনাৰ নৰেন্দ্ৰ শৰ্মা ,অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতা ,জ্যেষ্ঠ বিজেপি নেতা ভবেশ ডেকা পবিন কলিতা সমন্বিতে আন কেবাগৰাকী বিশিষ্ট ব্যাক্তিয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে । সামৰণিত শলাগৰ শৰাই আগবঢ়াই উপ পৌৰপতি বিদ্যুৎ ডেকাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top