ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল সহস্ৰাধিক পুৰুষ মহিলা।

ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল সহস্ৰাধিক পুৰুষ মহিলা।
ৰঙিয়াৰ ততাৰকুছি অঞ্চলত দীৰ্ঘদিনৰ পৰাই ভিনি ওৰফে মৰ্তোজাই চলাই আছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা।
যাৰ ফলত অঞ্চলটোৰ নৱপ্ৰজন্ম ধংসৰ গৰাহত।

ৰাইজে বাৰম্বাৰ ড্ৰাগছ মাফিয়া ভিনি ওৰফে মৰ্তোজাক বাধা প্ৰদান কৰাৰ ওপৰিও কেইবাবাৰো আৰক্ষীৰ জালত পৰিছিল যদিও মোহ এৰিব পৰা নাই ড্ৰাগছ ব্যাৱসায়।
আজি ৰাইজ ক্ষোভিত হৈ ড্ৰাগছ ক্ৰয় কৰিব অহা এগৰাকী যুৱকক আবদ্ধ কৰি আৰক্ষীক গতাই।
ইফালে ভিনিৰ বিৰুদ্ধে ৰাইজৰ সহযোগত আমছুই ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে।
অতি শীঘ্ৰেই ভিনিক গ্ৰেপ্তাৰ কৰি অঞ্চলটো নিছামুক্ত কৰিবলৈ দাবী জনাই প্ৰশাসনক।