
ৰঙিয়াত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, স্কুটিৰ খুন্দাত নিহত এজন ।
ৰঙিয়াৰ তিনিআলী ৰেল গেটৰ সমিপত সংঘটিত হয় দুৰ্ঘটনাটো ।
আফতাব খান নামৰ ৪৬ বছৰীয়া মাংসৰ ব্যৱসায়ী এগৰাকী নিহত, নিহত আফতাৱ খানৰ ঘৰ বিহাৰৰ চৰণ জিলাৰ ৩৫ ৰচিদপুৰত ।
নিশা নিজৰ মাংসৰ দোকান বন্ধ কৰি ঘৰঅভিমুখে গৈ থকা অৱস্থাত তামুলপুৰৰ পৰা ৰঙিয়া অভমুখী AS 25 U 2632 নম্বৰৰ স্কুটী খনে ৰঙিয়া তিনিআলী ৰেলগেটৰ সমীপত প্ৰচণ্ড যোৰে খুন্দা মৰাৰ ফলত ব্যক্তিগৰাকী গুৰুতৰ ভাবে আহত হয় ।
দুৰ্ঘটনাৰ খৱৰ পোৱা মাত্ৰকে ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপষ্ঠিত হৈ আহত ব্যক্তিগৰাকীক ততাতীয়ীকৈ ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে ব্যক্তিগৰাকীক মৃত ঘোষনা কৰে ।
পৰৱৰ্তী সময়ত ৰঙিয়া আৰক্ষীয়ে মৃতদেহটো চমজি লয় আৰু পুৱাই মৰণোত্তৰ পৰিক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
