ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । চাৰিখনকৈ জিলা পৰিষদৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ। কংগ্ৰেছ দলক তীব্ৰ সমালোচনা।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হেলিকপ্টাৰ যোগে অসমৰ কেইবাখনো জিলাৰ নিৰ্বাচনী সভাত উপস্থিত হৈ বিজেপি দলৰ প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে ৰঙিয়াটো এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ।

ৰঙিয়া চেপ্তিত পঞ্চায়ত নিৰ্বাচনৰ বাবে হোৱা বিশাল সভা এখনত মুখ্যমন্ত্ৰী গৰাকীয়ে আবেলি ৪.৩০ বজাত উপস্থিত হৈ চাৰিখন জিলা পৰিষদৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাৰ্থী সকলক ভোট দিবলৈ আহ্বান জনায়।
সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি কংগ্ৰেছ দলৰ লগতে দলটোৰ আঁচনি সমুহক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

বিজেপি দলৰ কেইবাটাও আঁচনিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে অসমক উদ্যোগিকৰণ কৰি কেৰেলা, তামিলনাডুত কৰ্মৰত অসমৰ ল’ৰা সমুহক ঘৰলৈ ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়ে ।

কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰা বিষয়টো পুণৰ বাৰ উল্লেখ কৰি বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।