ৰঙিয়াত পুৱতি নিশা হোৱা এখন বজাৰ ।
আপুনি-মই শোৱাপাতিত থাকোতেই বেচা-কিনা সামৰণি পৰে এইখন বজাৰখনত ।

ৰঙিয়া নগৰৰ গাতে লাগি থকা বালাগাঁৱৰ এই মাছৰ বজাৰখনত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনাই মনোমোহা সৃষ্টি কৰে পুৱতিনিশা।
উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা অহা ক্ৰেতা-বিক্ৰেতাই ভিৰ কৰেহি এই বজাৰখনত।
ৰঙিয়াৰ বালাগাঁওত থকা এই মাছ পোনা বজাৰখনেই উত্তৰ পুৰ্বাঞ্চলৰ বহু নিবনুৱাক দেখুৱাইছে স্বাৱলম্বীতাৰ পথ।

উল্লেখ্য যে, এই মাছৰ পোনা বজাৰখনৰ পৰাই অৰুণাচল, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় মাছৰ পোনা।
বজাৰখন চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কলিকতাৰ পৰা আহে মাছৰ পোনাবোৰ, লগতে নামনি অসমৰ কিছু ঠাইৰ পৰাও আহে থলুৱা উৎপাদিত কিছু মাছৰ পোনা।

বৰ্তমান নামনি অসমৰ থলুৱা উৎপাদিত মাছৰ পোনাই ভৰি পৰিছে ৰঙিয়া বালাগাঁৱৰ এই বজাৰখন।
আজি কামৰূপ জিলা মীন বিষয়া ডাঃ সঞ্জয় শৰ্মাই মাছৰ পোনা বজাৰখন পৰিদৰ্শক কৰি বজাৰখনৰ সুবিধা আসুবিধা সমুহ বুজি লৈ কয় যে, এই বজাৰখনত যাতে গুণগত মানদণ্ডৰ মাছৰ পোনাহে বিক্ৰী হয়, তেতিয়াহে মীন পালকসকল উপকৃত হ’ব ।