ৰঙিয়াত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ কামৰূপ জিলাৰ তীব্ৰ প্ৰতিবাদ।

ইটাৰ জবাব তৰোৱালেৰে দিয়া হ’ব।

শেহতীয়াকৈ পশ্চিমবঙ্গত সংঘটিত হোৱা হিংসাত্মক ঘটনা আৰু মমতা বেনাৰ্জী চৰকাৰৰ অকৰ্মণ্যতাৰ অভিযোগ তুলি আজি বিশ্ব হিন্দু পৰিষদ কামৰূপ জিলাৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ৰঙিয়াৰ ৰাজপথত মমতা চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পশ্চিমবঙ্গত অতি শীঘ্ৰে ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাৰ দাবী জনায়,অন্যথা সমগ্ৰ দেশজুৰি হিংসাত্মক প্ৰতিবাদ কৰিবলৈও কুণ্ঠাবোধ নকৰে বুলি জনায় সংগঠনটোৰ নেতা মৃদুল ডেকাই, যদিহে হিন্দু সকলৰ ওপৰত অত্যাচাৰ বন্ধ নহয় তেন্তে ইটাৰ জবাব তৰোৱালেৰে দিয়া হ’ব বুলিও হুংকাৰ প্ৰদান কৰে।

আনহাতে প্ৰতিবাদৰ অন্তত দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top