ৰঙিয়াৰ সংখ্যালঘু অঞ্চলসমূহত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ….
পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰঙিয়াৰ সংখ্যালঘু অঞ্চলসমূহত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা ।

ৰঙিয়াত বিজেপিৰ জিলা পৰিষদৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য সকলৰ হৈ প্ৰচাৰ চলাইছে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ প্ৰাক্তন সভাপতি ভবেশ কলিতাই
ভবেশ কলিতাই অংশগ্ৰহণ কৰা কেইবাখনো সভাত কংগ্ৰেছ , এ আই ইউ ডি এফৰ অৰ্ধ শতাধিক লোকৰ বিজেপি দলত যোগদান । যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে ৰঙিয়াত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে শাসক পক্ষই ।

জিলা পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী মনালিছা কলিতাৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰুমিনা ইয়াছমিনক লগত লৈ বিধায়ক ভবেশ কলিতাই ৰঙিয়াৰ দ্বীপ্তেশ্বৰী পঞ্চায়ৰ বিভিন্ন অঞ্চলৰ সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।
সমষ্টিটোৰ লগতে অসমৰ সৰ্বাংগীন উন্নতি হোৱা বুলি দাবী কৰি বিধায়ক গৰাকীয়ে ৰাইজক বিজেপিক ভোটদিবলৈ আহ্বান জনায় ।

লগতে দলটোৰ প্ৰক্ষেপিত প্ৰাৰ্থী দুগৰাকীও ৰাইজৰ সন্মুখত ভাষণ প্ৰদান কৰি ভোট ভিক্ষা মাগে ।