ৰঙিয়া আৰক্ষীৰ অভিযানত গাঞ্জা সহ আটক ওদালগুৰিৰ মনোজ সিং

ৰঙিয়া আৰক্ষীয়ে আজি আবেলি গাঞ্জ সহ আটক কৰে ওদালগুৰি থানাৰ অধিনৰ ফোহাবাৰী গাঁৱৰ মনোজ সিং নামৰ এজন ব্যক্তিক । ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এক গোপন সূত্ৰৰ আধাৰত এজন ব্যক্তিয়ে এখন স্কুটিত গাঞ্জা কঢ়িয়াই অনা বুলি অবগত হয় ।

সৰবৰাহকাৰী জনে স্কুটিখনৰে ৰঙিয়া চহৰ অতিক্ৰম কৰি যোৱা বুলি জানিব পাৰি আৰক্ষীয়ে আন এক পথেৰে গৈ ৰঙিয়া সাহান গাঁওত এটা পথত স্কুটিখন আগভেটী ধৰে । আৰক্ষীয়ে তালাচী চলোৱাত স্কুটিখনৰ পৰা ৩ কেজি ৬৫০ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগে লগে আৰক্ষীয়ে গাঞ্জা সৰবৰাহ কাৰী মনোজ সিঙক আটক কৰাৰ লগতে ধৃত ব্যক্তি গৰাকীয়ে ব্যৱহাৰ কৰা AS 27 B 8924 স্কুটিখন জব্দ কৰে ।

উল্লেখযোগ্য যে যোৱা সপ্তাহত ঠিক একেদৰে এখন মেজিক ভানত এগৰাকী মহিলাই ৰঙিয়ালৈ গাঞ্জা আনি থকা অৱস্থাতে আৰক্ষীয়ে ৰঙিয়া তিনিআলিত গাঞ্জ সহ মহিলা গৰাকীৰ লগতে গাড়ীখনৰ চালক জনক আটক কৰি জেল হাজাতলৈ প্ৰেৰণ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top