ৰঙিয়া আৰক্ষীৰ বৃহৎ সফল্য, সন্দেহজনক ড্ৰাগছ সহ এজন সৰবৰাহকাৰী আটক

আৰক্ষীয়ে ৰঙিয়াৰ বনগাওঁত অভিযান চলাই ড্ৰাগছ সহ এজনক সৰবৰাহকাৰীক আটক কৰে ।

আটকাধীন সৰবৰাহকাৰী জনৰ নাম জিয়াৰুল আলী

ৰঙিয়া আৰক্ষীয়ে জিয়াৰুল আলীৰ পৰা ৩৪ টা কন্টেনাৰ সহ ৬ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।

জব্দকৃত ড্ৰগছখিনিৰ আনুমানিক মুল্য প্ৰায় ৫০ হাজাৰ টকা ।

সৰবৰাহকাৰী জিয়াৰুল আলীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল ।

ৰঙিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি নাথৰ নেতৃত্বত ৰঙিয়াৰ বনগাওঁত অভিযান চলাই ড্ৰাগছ সহ সৰবৰাহকাৰী জনক আটক কৰিবলৈ সক্ষম হয় ।

সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰী জিয়াৰুল আলী ৰঙিয়া আৰক্ষীৰ জিম্মাত ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top