ৰঙিয়া বঙালীকুছিত তিনিদিনীয়াকৈ অনুষ্ঠিত শ্ৰীকৃষ্ণৰ হলী উৎসৱ….

ৰাজ্যৰ চৌদিশে ৰঙৰ উৎসৱ হোলীৰ ব্যপক উচাহ উদ্দীপনা।
ৰাজ্যৰ সমান্তৰালকৈ ৰঙিয়াৰ বঙালীকুছিতে তিনিদিনীয়াকৈ আয়োজন কৰিছে ৰঙৰ উৎসৱ হোলী।
আনন্দ উল্লাস বিৰাজ কৰিছে ৰঙিয়াৰ বঙালীকুছি অঞ্চলত। আনন্দ উল্লাসৰ মাজেৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণৰ হলী উৎসৱ।

কেইবাখনো গাঁৱৰ ৰাইজে মিলি উৎযাপন কৰে এই হলী উৎসৱ ।
বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পিচতে আজি পুৰ্ণিমাৰ যোগ পূজা অনুষ্ঠিত হয় ।
ইফালে হলী গীতৰে মুখৰিত হৈ সকলোৱে খেলা ৰঙৰ উৎসৱ হলী খেলৰ নান্দনিক দৃশ্যই আপ্লুত কৰি তুলিছে ।
