ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কটাক্ষ ভূপেন বৰাক…

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰঙিয়াৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰি তীব্ৰ সমালোচনা কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ।

দিলীপ শইকীয়াই তীব্ৰ কটাক্ষ কৰি কয় যে, ভূপেন বৰাৰ পামচাৰ হোৱা গাড়ীত সকলোৱে চলি আছে । গাড়ীখনৰ পামচাৰ পামচাৰ মাৰক । ভূপেন বৰাই কমচেকম কোনোবা এটা সমষ্টিৰ পৰা জিকক । তেওঁ যে চৰকাৰ কৰিব খুজিছে, তেওঁতো প্ৰথম জিকিব লাগিব । তেওঁ কত জিকিব, কোনে জিকাব ! কথাবিলাক তেনেকুৱা, মংগৰিলাল কে হাচিন চাপনে । গৌৰৱ গগৈয়ে ও কৈছে ২৬ ত আমাৰ চৰকাৰ আহিব । গৌৰৱ গগৈয়ে চৰকাৰ আহিব বুলি কলে ই যদি চৰকাৰ আহিলে হেতেন তেতিয়াহলে নিৰৱিচ্ছিন্নভাৱে আমি তৃতীয়বাৰলৈ কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰিলোঁ হেঁতেন । নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব নোৱাৰিলে হেঁতেন ।

গৌৰৱ গগৈ হতে এবাৰো নকয় বিজেপি চৰকাৰ আহিব বুলি, বাৰে বাৰে কংগ্ৰেছ চৰকাৰ আহিব বুলি কয় । আৰু বাৰে বাৰে কংগ্ৰেছ হাৰে । ভূপেন বৰাই হাৰা ৰেকৰ্ড বিলাক কৰি থৈছে । গতিকে পামচাৰ হোৱা গাড়ীৰ ফালে কোনেও উভতি নাচায় । যাৰ গাড়ী ৮০/১০০ ৰ গতিত চলি আছে সেই গাড়ীত কম সময়ত সুন্দৰ যাত্ৰা কৰাৰ কাৰণে ভাৰতবৰ্ষৰ জনতা সাজু হৈ আছে

কংগ্ৰেছে লাহে লাহে গাড়ীখন চলালেও কথা নাই কাৰণ তেওঁলোকৰ গাড়ীখন ৩০/৪০ বছৰ চলালে ও গন্তব্য স্থান নাপায় বুলি তীব্ৰ কটাক্ষ কৰে দিলীপ শইকীয়াই ।
