ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৰিগাঁও জিলা নেমছুৰ তীব্ৰ প্ৰতিবাদ

ৱাকফ্ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত নীতিশ কুমাৰ, চন্দ্রবাবু নাইডুৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মৰিগাঁও জিলা নেমছুৱে।
মৰিগাঁও জিলাৰ লাহৰিঘাটৰ নগাবন্ধাতো নীতিশ কুমাৰ আৰু চন্দ্রবাবু নাইডুৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নেমছুৱে।

আজি বিয়লিৰ ভাগত নগাবন্ধা বজাৰত নেমছুৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত মৰিগাঁও জিলা নেমছুৰ সভাপতি কুতুব উদ্দিন আৰু সংগঠনৰ কৰ্মকৰ্তা সকলে প্ৰতিবাদ সাব্যস্ত কৰি ৱাকাফ সংশোধনী বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায়।অন্যথায় গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। ইয়াৰ উপৰিও নীতিশ কুমাৰ আৰু চন্দ্ৰ বাবু নাইডুৰ প্ৰতিমূৰ্তিও দাহ কৰে।