পুনৰ স্বপ্নভংগ দক্ষিণ আফ্ৰিকাৰ!
ফাইনেলত টীম ইণ্ডিয়াৰ সন্মুখত নিউজিলেণ্ড…

ফাইনেলৰ দুৱাৰডলিৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিদায়, নিউজিলেণ্ডৰ ৰোমাঞ্চকৰ জয়।
পুনৰ স্বপ্নভংগ দক্ষিণ আফ্ৰিকাৰ!
চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ দুৱাৰডলিৰ পৰা বিদায় মাগিলে দক্ষিণ আফ্ৰিকাই।প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিপক্ষে ৫০ ৰানৰ ব্যৱধানত পৰাজয়বৰণ কৰি বিদায় মাগিলে দলটোৱে।

বুধবাৰে লাহোৰত অনুষ্ঠিত মেচখনত আৰম্ভণিতেই বেট ধৰি নিউজিলেণ্ডে শক্তিশালী স্ক’ৰ থিয় কৰায়। দলটোৰ দুগৰাকীকৈ বেটছমেনৰ শতকীয় ইনিংছৰ সহায়ত ৬ উইকেটৰ বিনিময়ত ৩৬২ ৰান সংগ্ৰহ কৰে। দলৰ হৈ কেন উইলিয়ামছন ১০২ আৰু ৰাচীন ৰবীন্দ্ৰই ১০৮ ৰানৰ শতকীয় ইনিংছ খেলে।

লগতে ডাৰেল মিচ্চেল আৰু গ্লেন ফিলিপছে ৪৯ ৰানকৈ উপহাৰ দিয়ে। চাৰিওগৰাকী বেটাৰৰ এনে বৃহৎ স্ক’ৰৰ সহায়ত প্ৰতিপক্ষ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শক্তিশালী স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয় দলটোৱে।

আনফালে বিজয়ৰ লক্ষ্য আগত লৈ দক্ষিণ আফ্ৰিকাই আৰম্ভণিৰে পৰা শ’লঠেকত পৰে। দলটোৱে ২০ ৰানতে প্ৰথমটো উইকেট হেৰুৱায়। ইয়াৰ পাছত কিছু সময় জয়ৰ আশা দেখিছিল যদিও পাছত সেই আশাত চেঁচাপানী ঢালে নিউজিলেণ্ডৰ বলাৰে। অৱশ্যে দলৰ অন্যতম নিৰ্ভৰযোগ্য বেটাৰ ডেভিদ মিলাৰে শতক অৰ্জন কৰে যদিও সেয়া যথেষ্ট নাছিল । তেওঁ অপৰাজিত হৈ ৰয় মেচৰ শেষৰ ফালে ১০০ৰানত । বাকীসকল বেটাৰৰ দুৰ্বলতাৰ বাবেই ৯ উইকেটত ৩১২ ৰান সংগ্ৰহ কৰি ৫০ ৰানৰ ব্যৱধাৱন পৰাস্ত হয় দক্ষিণ আফ্ৰিকা।

উল্লেখযোগ্য যে ৯ মাৰ্চত ডুবাইত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ’ব এই উৎকন্ঠাৰ মেচখন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top