গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ বাৰ্বাডোছত বঁটা গ্ৰহণ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বাৰ্বাডোছ চৰকাৰে আগবঢ়াইছে বিশেষ সন্মান। ‘অনৰেৰী অৰ্ডাৰ অৱ ফ্ৰিডম অৱ বাৰ্বাডোছ’ বঁটা আগবঢ়োৱা হৈছে নৰেন্দ্ৰ মোদীলৈ। কোভিড মহামাৰীৰ সময়ছোৱাত আগবঢ়োৱা সেৱা আৰু নেতৃত্বৰ বাবে বাৰ্বাডোছ চৰকাৰৰ দ্বাৰা আগবঢ়োৱা হয় এই বিশেষ স্বীকৃতি।

প্ৰধানমন্ত্ৰী মোদীৰ হৈ বাৰ্বাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই বঁটা গ্ৰহণ কৰে।বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰে এই কথা আৰু বঁটা গ্ৰহণৰ ফটো-ভিডিঅ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই।
উল্লেখযোগ্য যে, ২০২৪ চনৰ ২০ নৱেম্বৰত গায়ানাৰ জৰ্জটাউনত অনুষ্ঠিত হোৱা দ্বিতীয় ভাৰত-কেৰিকম নেতা সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ সময়ত বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী মিয়া আমোৰ মটলীয়ে এই বঁটা ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰী গৰাকীক “কভিড-১৯ মহামাৰীৰ সময়ত তেওঁৰ কৌশলগত নেতৃত্ব আৰু মূল্যৱান সহায়ৰ স্বীকৃতি” হিচাপে প্ৰদান কৰা হৈছে বুলি বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে। লগতে কোভিড মহামাৰীয়ে অনা ভয়াৱহ পৰিস্থিতিৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সমৰ্থন শক্তিশালী কৰাৰ ক্ষেত্ৰত মোদীয়ে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাক মটলীয়ে স্বীকাৰ কৰে বুলিও প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীৰ হৈ এই বঁটা গ্ৰহণ কৰাৰ সময়ত মাৰ্ঘেৰিটাই এই স্বীকৃতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰতিনিধিত্ব কৰি তেওঁৰ হৈ এই সন্মানীয় বঁটা গ্ৰহণ কৰাটো এক গভীৰ সন্মানৰ বিষয়। এই স্বীকৃতিয়ে ভাৰত আৰু বাৰ্বাডোছৰ মাজত গভীৰ হৈ অহা সম্পৰ্কৰ লগতে সংকটৰ সময়ত সহযোগিতা আৰু উন্নয়নৰ প্ৰতি আমাৰ দায়বদ্ধতাক আলোকপাত কৰিছে।’
