আজি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল। মহাৰণত নামিব দুই শক্তিশালী প্ৰতিদ্বন্দী ভাৰত-নিউজিলেণ্ড।

গুৱাহাটীঃ শক্তিশালী টীম ইণ্ডিয়া বনাম নিউজিলেণ্ড, আজি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ দুৱাৰডলিত টীম ইণ্ডিয়া।জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা ৰোহিত বাহনীৰ সন্মুখত আৰু এটা ট্ৰফী জয়ৰ সুবৰ্ণ সুযোগ।

টি-২০ বিশ্বকাপ জয়ৰ এবছৰ নৌহঁতেই আহিছে এই সুযোগ। এই সুযোগৰ পৰা বঞ্চিত হ’ব নোৱাৰা টীম ইণ্ডিয়াই ৰচিছে বিশেষ ৰণকৌশল। মৰুৰ দেশত নিউজিলেণ্ডক হৰুৱাই খিতাপ জয় কৰাই এতিয়া একমাত্ৰ আৰু মূল লক্ষ্য টীম ইণ্ডিয়াৰ !

ডুবাইত আজি বিয়লি ২-৩০ বজাত অনুষ্ঠিত হ’ব আই চি চিৰ সন্মানীয় প্ৰতিযোগিতা চেম্পিয়ছ ট্ৰফীৰ ফাইনেল মেচ। এক প্ৰকাৰ মিনি বিশ্বকাপ এই প্ৰতিযোগিতা।
প্ৰতিযোগিতাৰ চূড়ান্ত মেচত অৱতীৰ্ণ হ’ব বিশ্ব ক্ৰিকেটৰ দুই শক্তিধৰ ভাৰত আৰু নিউজিলেণ্ড। চলিত চেম্পিয়নছ ট্ৰফীৰ প্ৰতিখন মেচতে উভয় দলে উমান দিছে নিজ নিজ শক্তিৰ। বেট- বল আৰু ফিল্ডিঙৰে বেছ শক্তিশালী নিউজিলেণ্ড।

দলটোত ৫গৰাকীকৈ বেটাৰ আছে সুন্দৰ ফৰ্মত। ৰাচীন ৰবীন্দ্ৰ, কেন উইলিয়ামছন, টম লাথামসহ ৫গৰাকী বেটাৰে খেলিছে শতকীয় ইনিংছ।

পেচ বলিং আৰু স্পীন আক্ৰমণতো আছে কেইবাগৰাকী শক্তিশালী বলাৰ। দলটোত আছে গ্লেন ফিলিপছৰ দৰে ফিল্ডাৰ। যিয়ে অকলে ২০-২৫ ৰান ৰক্ষা কৰিব পৰা ক্ষমতা আছে।

আনপিনে সকলো দিশৰ পৰা শক্তিশালী নিউজিলেণ্ড আণ্ডাৰ ডগ । সেয়াই দলটোৰ অন্যতম যোগাত্মক দিশ। যিটো চিন্তাৰ কাৰণ হ’ব পাৰে ভাৰতৰ বাবে!

কিন্তু বেটিং আৰু বলিঙৰে বেচ শক্তিশালী ভাৰত। ৰোহিত, গীল, বিৰাট, শ্ৰেয়াছ, কে এল ৰাহুলৰে গঠিত বেটিং লাইন। পেচ আক্ৰমণ চম্ভালিব মহম্ম ছামীয়ে। ছামীৰ সংগী হ’ব হাৰ্ডিক পাণ্ডিয়া। একেদৰে স্পীন চম্ভালিব জাডেজাই। মূল সহযোগী হিচাপে থাকিব বলাৰ বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱ। অৱশ্যে বৰুণৰ ওপৰত দৃষ্টি থাকিব সকলোৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top