ৰহাত কংগ্ৰেছৰ হাত শক্তিশালী কৰি ৰহাৰ বিশিষ্ট ব্যৱসায়ী তথা জনপ্ৰিয় যুৱনেতা উৎপল বনিয়াৰ সদলবলে কংগ্ৰেছত যোগদান…

দেওবাৰে ৰহাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুত বৰদলৈৰ উপস্থিতিত উৎপল বনিয়াই পাঁচ শতাধিক সমৰ্থকক লগত লৈ আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছত৷ কেঁচাসোণৰ ব্যৱসায়ী তথা ‘ডুগডুগী ফাউণ্ডেশ্বন’ৰ স্বত্বাধিকাৰী উৎপল বনিয়াই ইয়াৰ আগতে অসম জাতীয় পৰিষদত যোগদান কৰি ২০২১ চনৰ বিধান সভা নিৰ্বাচনত দলটোৰ হৈ ৰহা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ ব্যৱসায়ৰ জড়িয়তে বিভিন্ন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হোৱা উৎপল বনিয়াই পিচলৈ এজেপি ত্যাগ কৰি ৰাজহুৱা কামত ব্ৰতী হৈ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷
শেহতীয়াকৈ যুৱ ব্যৱসায়ীজনে কংগ্ৰেছত যোগদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ উৎপল বনিয়াৰ যোগদানে কংগ্ৰেছক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে সভাপতি ভূপেন বৰাই৷ লগতে ২০২৬ ৰ বিধান সভা নিৰ্বাচনত উৎপল বনিয়াক ৰহা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰো সম্ভাৱনা আছে৷ তদুপলক্ষে অনুষ্ঠিত যোগদান সভাত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে যুদ্ধ অব্যাহত আছে বুলি প্ৰকাশ কৰি ভূপেন বৰাই হিমন্ত বিশ্ব চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷ লগতে আগন্তুক ব’হাগ বিহুৰ আগে আগে অসমৰ বহু যুৱকে কংগ্ৰেছত যোগদান কৰিব আৰু ২৬ৰ নিৰ্বাচনত বিজেপিক দিশপুৰৰ পৰা পুলিয়ে পোখাই উঘলিব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে৷ এই যোগদান অনুষ্ঠানত সহস্ৰাধিক লোকৰ উপস্থিতিয়ে বিশেষ ইংগিত বহন কৰিছে৷