”অসমত কোনোবাই বিহাৰ দিৱস পাতিলেই শৰাইঘাটৰ দ্বিতীয়খন ৰণ হ’ব অসমত”। বিহাৰ দিৱসক লৈ উত্তাল শিৱসাগৰ…
শিৱসাগৰত মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰি ছাত্ৰ মুক্তি আৰু যুৱ বাহিনীৰ উত্তাল প্ৰতিবাদ

বিহাৰ দিৱস উদযাপনক কেন্দ্ৰ কৰি ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাৰ মাজতে শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত অনুষ্ঠিত এই প্ৰতিবাদত বহু সংখ্যক প্ৰতিবাদকাৰী উপস্থিত থাকে।
প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্রীৰ বিৰুদ্ধে “হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ,” “অসমত অনা অসমীয়াৰ দপদপনি নচলিব,” আৰু “RSS হুচিয়াৰ” আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে। সংগঠনটোৱে তীব্ৰ ভাষাৰে চৰকাৰৰ সমালোচনা কৰি কয় যে, কোনো কাৰণতে অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ দিয়া নহ’ব। সংগঠনটোৰ নেতা ৰিতুমনি হাজৰিকাই মুখ্যমন্ত্রীক ধিক্কাৰ জনাই কয় যে, বিহাৰ দিৱসৰ উচতনি দিয়া মুখ্যমন্ত্ৰীয়ে অসমৰ জনগণৰ বিৰুদ্ধে ষড়যন্ত্র চলাই আছে।

প্ৰতিবাদকাৰীসকলে চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে— “কোন এই সুৰেণ ফুকন? কোন এই সঞ্জয় কিষাণ?” তেওঁলোকে চৰকাৰৰ নীতিৰ কঠোৰ সমালোচনা কৰি কয় যে, যদি বিহাৰ দিৱস উদযাপন কৰিবলৈ দিয়া হয়, তেন্তে অসম ৰক্তাক্ত হ’ব আৰু শৰাইঘাটৰ দ্বিতীয় ৰণ সংগঠিত হ’ব।

উল্লেখযোগ্যভাৱে, মুখ্যমন্ত্রীক “দালাল” আখ্যা দি ছাত্ৰ মুক্তি আৰু যুৱ বাহিনীৰ সদস্যসকলে বৃহত্তৰ আন্দোলনৰ হুংকাৰ দিয়ে। ৰাজপথ উত্তাল কৰি কৰা এই প্ৰতিবাদৰ ফলত কিছু সময়ৰ বাবে যান-বাহন চলাচল ব্যাহত হয়। ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।
এই উত্তপ্ত পৰিস্থিতিৰ মাজতে চৰকাৰ আৰু প্ৰশাসনে কিদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে, তাক লৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে।