অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচীৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান
অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচীৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতিৰ

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে নথি পত্ৰ বিহীন ফাৰ্মাচীৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান কৰে বোকাজানৰ মহকুমাধিপতিক ।
বোকাজান মহকুমাত কাঠফুলাৰ দৰে গঢ় লৈ উঠা অবৈধ ফাৰ্মাচী সমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতি।

বোকাজান মহকুমাৰ খান বস্তি,চানদে মাৰ্কেট,বৰ-লেংৰী, লাহৰিজান, বাঁহ বাৰী আদি ঠাই সমূহত থকা অবৈধ একাংশ ফাৰ্মাচী সমূহত আজি দীৰ্ঘ দিন ধৰি ফাৰ্মাচিষ্ট নোহোৱাকৈ আৰু পঞ্জীয়ন নথকাকৈ ব্যৱসায় চলাই আহিছে বুলি অভিযোগ উত্থাপিত কৰিছে।

এই সমূহ অবৈধ ফাৰ্মাচীৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বোকাজানৰ মহকুমাধিপতি কাকোমণি শইকীয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনৰ নেত্ৰী বৰ্গই।