ডিমৌ মধুপুৰত ৫০ লাখ টকাৰ অনুদান, টাই আহোম সংস্কৃতিৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন

“ভোট বিচাৰি আহিলেই নহ’ব, নিৰ্বাচনৰ পাছত ৰাইজৰ কাষলৈও আহিব লাগিব।”- ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

ডিমৌ মধুপুৰত ৫০ লাখ টকাৰ অনুদান, টাই আহোম সংস্কৃতিৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন

ডিমৌৰ মধুপুৰত টাই আৰু টাই ভাষা প্ৰচাৰ সমিতিৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ৫০ লাখ টকাৰ অনুদান আগবঢ়ালে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই। এই অনুদানৰ সহায়ত টাই আহোম জাতিসমূহৰ ভাষা-সংস্কৃতি সংৰক্ষণ আৰু উন্নয়নৰ লক্ষ্যৰে প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰা হ’ব।

আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে ৯৫ নং ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, স্থানীয় গণ্য-মান্য ব্যক্তি, সমিতিৰ বিষয়া-ববীয়া আৰু অঞ্চলৰ বহু ৰাইজ।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰীজনে কয়—”কেৱল ভোট বিচাৰি আহিলেই নহ’ব, নিৰ্বাচনৰ পাছত ৰাইজৰ কাষলৈও আহিব লাগিব।” তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ ৰূপে তেওঁ সদায় জনসাধাৰণৰ কাষত থাকিব।

উল্লেখযোগ্য যে, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই যোৰহাট লোকসভা সমষ্টিত ১৩ টা উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিছে।

আনহাতে ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাপানীত দেউৰী সকলৰ পবিত্ৰ উপাসনাস্থলী বলীয়া বাবা থানৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে মন্ত্ৰীজনে।

স্থানীয় ৰাইজে কেন্দ্ৰীয় চৰকাৰৰ এই ধৰণৰ উন্নয়নমূলক পদক্ষেপক স্বাগতম জনোৱাৰ লগতে টাই জাতিসমূহৰসাংস্কৃতিক পৰম্পৰা সংৰক্ষণৰ ক্ষেত্ৰত এই প্ৰেক্ষাগৃহ গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top