নগাঁৱত অনুষ্ঠিত হ’ল অসম বাৰ্তাজীৱি সংঘৰ নগাঁও জিলা সমিতিৰ পঞ্চ দ্বি-বাৰ্ষিক অধিবেশন

গঠন হ’ল নগাঁও জিলাৰ বাৰ্তাজীৱি সংঘৰ নতুন সমিতি।সভাপতি হিচাপে কনক হাজৰিকা আৰু সম্পাদক হিচাপে নিৰ্বাচিত হ’ল ভাস্কৰ মেধি

দেওবাৰে নগাঁৱৰ নেহেৰু যুৱ কেন্দ্ৰত অনুষ্ঠিত হ’ল অসম বাৰ্তাজীৱি সংঘৰ নগাঁও জিলা সমিতিৰ অধিবেশন তথা পৰৱৰ্তী সমিতি নিৰ্বাচন প্ৰক্ৰিয়া। পুৱা পতাকা উত্তোলন আৰু প্ৰয়াত সাংবাদিক অখিল চন্দ্ৰ দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত অনুষ্ঠিত হয় নগাঁও জেষ্ঠ সাংবাদিক তথা বাৰ্তাজীৱি সংঘৰ নগাঁও সমিতিৰ সভাপতি কনক হাজৰিকা সভাপতিত্ব সাধাৰণ সভা।

গাম্ভীৰ্যপূৰ্ণ সাধাৰন সভা খনত উপস্থিত থাকে অসম বাৰ্তাজীৱি সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদক, সাংগঠনিক সম্পাদক,কেন্দ্ৰীয় নেতৃত্বৰ সদস্যৰ লগতে নগাঁও জিলাৰ বহু কেইজন জেষ্ঠ, কনিষ্ঠ সাংবাদিক।

পৰৱৰ্তী সময়ত নিৰ্বাচিত হোৱা নতুন সমিতিত পুনৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ক্ৰমে কনক হাজৰিকা আৰু ভাস্কৰ মেধি।অনাগত সময়ত ৰাজ্যৰ সাংবাদিক সকলৰ অধিকাৰৰ পক্ষত মাত মাতি যাবলৈ অসম বাৰ্তাজীৱি সংঘৰ নগাঁও জিলাৰ নতুন সমিতিয়ে সংকল্প গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top