মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ চাৰিদিনীয়া ডিব্ৰুগড় ভ্রমণৰ সামৰণি…

গুৱাহাটীঃ চাৰিদিনীয়া ডিব্ৰুগড় ভ্রমণ সামৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ঐতিহাসিক ডিব্ৰুগড়
চহৰখনক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷

চৰকাৰ-প্রশাসনক ডিব্ৰুগড় আৰু এই অঞ্চলত বসবাস কৰা লোকসকলৰ ওচৰলৈ আগবঢ়াই নিয়াটোৱে ৰাজ্য চৰকাৰৰ উদ্দেশ্য। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ে কেইটামান বিশেষ দিশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে – নিয়মীয়া পর্যালোচনা বৈঠকৰ ফলত কেবিনেটৰ সিদ্ধান্ত, আঁচনি আৰু আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ ৰূপায়ণ ত্বৰান্বিত হৈছে।

এই উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যে কেইবাটাও ব্যৱস্থা আৰম্ভ কৰা হৈছে, য’ত মুখ্যমন্ত্ৰীৰ সচিবালয় কাৰ্যকৰী কৰা, অসম বিধান সভা চৌহদত কাম আৰম্ভকৰা আৰু চহৰখনক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰাৰ পদক্ষেপ গ্ৰহণ কৰা আদি অন্যতম

অসম চৰকাৰে এই সুন্দৰ চহৰখনক পূব ভাৰতৰ এক প্রধান অর্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্র হিচাপে পুনৰ নিৰ্মাণৰ বাবে এক বিশাল পৰিকল্পনাৰ কাম কৰি আছে।ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ে কেইটামান বিশেষ দিশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে – নিয়মীয়া পর্যালোচনা বৈঠকৰ ফলত কেবিনেটৰ সিদ্ধান্ত, আঁচনি আৰু আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ ৰূপায়ণ ত্বৰান্বিত হৈছে, যাৰ ফলত আর্থ-সামাজিক উন্নয়নত ইতিবাচক প্রভাৱ পৰা পৰিলক্ষিত হৈছে। সচিবালয়ে অঞ্চলটিৰ সামাজিক সংগঠনসমূহক চৰকাৰৰ কাষলৈ লৈ অহাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ সময়ছোৱাত ডিব্ৰুগড়, ধেমাজি, ঢকুৱাখনা আৰু ডিমৌ বিধান সভা সমষ্টিত ৩৫০০ কোটি টকাৰ ৫০০ৰো অধিক চলি থকা প্ৰকল্পৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।

এই বৈঠকত অঞ্চলটোৰ পথ, উৰণ সেতু, ঘাইপথ, চৰকাৰী ভৱন, মথাউৰি, বিদ্যুৎ কেন্দ্র, চিকিৎসালয়, বিদ্যালয়, ক্রীড়া আৰু সাংস্কৃতিক সুবিধাসমূহৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top