বৃদ্ধি চাহৰ ৰপ্তানি ৯০০ মিলিয়ন ডলাৰলৈ….

বৃদ্ধি চাহৰ ৰপ্তানি ৯০০ মিলিয়ন ডলাৰলৈ ২০২৪-২৫ বৰ্ষত

২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে মধ্য এছিয়াৰ কেইবাখনো দেশ, ৰাছিয়া, আৰু ইউৰোপীয় ৰাষ্ট্ৰলৈ প্ৰায় ২৫ কোটি কিলোগ্ৰাম চাহ ৰপ্তানি কৰিছিল। ইয়াৰে ভিতৰত ১০ কোটি কিলোগ্ৰাম দক্ষিণ ভাৰতৰ পৰা ৰপ্তানি কৰা হৈছিল।
চাহৰ চাহিদা বৃদ্ধি পাইছে
দক্ষিণ ভাৰতৰ চাহৰ উচ্চ মানদণ্ডৰ বাবে । ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা চাহ ৰপ্তানি আছিল ৮৫২ মিলিয়ন ডলাৰ। ২০২৪-২৫ চনত এই সংখ্যা ৯০ কোটি ডলাৰলৈ বৃদ্ধি পোৱা বুলি সোমবাৰে কইম্বাটুৰত ভাৰতৰ চাহ ব’ৰ্ড-কুনুৰৰ কাৰ্যবাহী সঞ্চালক এম মুথুকুমাৰে সদৰি কৰে।

টি ব’ৰ্ড ইণ্ডিয়া-কুনুৰ আৰু কইম্বাটুৰৰ শ্ৰীৰামকৃষ্ণ কলেজ অৱ আৰ্টছ এণ্ড ছায়েন্সৰ কেটাৰিং আৰু হোটেল মেনেজমেণ্ট বিভাগৰ যৌথ উদ্যোগত সোমবাৰে কলেজ চৌহদত ‘টি ক্ৰাফটিং ২কে২৫’ শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰা হয়। ৮খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ছটা দল গঠন কৰি মাত্ৰ ৩০ মিনিটতে সফলতাৰে ৩০০ বিধ চাহ প্ৰস্তুত কৰে। তেওঁৰ এই উল্লেখযোগ্য প্ৰচেষ্টাই কালামৰ ৱৰ্ল্ড ৰেকৰ্ড বুকত স্থান লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top