কামৰূপৰ কমলপুৰৰ দালাঙত তীব্ৰ উত্তেজনা…
কামৰূপৰ কমলপুৰৰ সমীপবৰ্তী দালাঙত এক উত্তেজনা । এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তেজনা ।

কামৰূপৰ কমলপুৰৰ সমীপবৰ্তী দালাঙত এক উত্তেজনা । এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তেজনা । একে গাৱৰে তিনি বন্ধু ক্ৰমে নয়ণ ডেকা ,পঙ্কজ ডেকা আৰু কমল ডেকাই মাছ ধৰিবলৈ গৈছিল যোৱা ১১ মাৰ্চত । কিন্তু নিশা তিনি বন্ধুত মাজত কোনো কথাক লৈ হয়তো কোনো কাজিয়া হৈছিল । পিছদিনা খন ৰাতিপুৱা মুমুৰ্খ অৱস্ত উদ্ধাৰ কৰে নয়ণ ডেকাক ।

তাৰ পিচত পৰিয়ালৰ লোকে প্ৰথমে এইমছ গুৱাহাটীত চিকিৎসাৰ বাবে লৈ যায় যদিও পিচত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । সুদীৰ্ঘ ১৪ দিনৰ চিকিৎসাৰ অন্তত আজি নয়ণ ডেকাই শেষ নিস্বাস ত্যাগ কৰে । ইতিমধ্যে কমলপুৰ আৰক্ষী থানাত নয়ণৰ মাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত কমল ডেকা আৰু পঙ্কজ ডেকাক কমলপুৰ আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ
কৰিছেই । তথাপি কিন্তু সহজ ভাবে লব পৰা নাই দালাংবাসী ৰাইজ । দোষীৰ কথোৰতম শাস্তি বিছাৰিছে গাঁওবাসীয়ে ।