অসমত পৃথক সচিবালয়, পৃথক বাজেট, চৰ অঞ্চল উন্নয়নৰ দাবী আমছুৰ

বাজেটৰ জৰিয়তে বিজেপি চৰকাৰে মুছলমানৰ লগত ঘোৰ অন্যায় কৰিছে বুলি দাবী আমছুৰ

অসমত পৃথক সচিবালয়, পৃথক বাজেট, চৰ অঞ্চল উন্নয়নৰ দাবী আমছুৰ। চৰ অঞ্চলৰ বাবে নিৰ্ধাৰিত ৪টা মেডিকেলৰ কোটা কৰ্তন কৰি শেহতীয়া বাজেটৰ বিৰোধীতা কৰি বিজেপিgv চৰকাৰে মুছলমানৰ লগত ঘোৰ অন্যায় কৰিছে বুলি আমছুয়ে দাবী কৰে।

আমছুৰ হুংকাৰ এইবাৰৰ বাজেট সংখ্যালঘু বিৰোধী বাজেট, চৰ অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক মুখ্যমন্ত্ৰীয়ে পুনৰ বুজাই দিলে যে তেখেতে চৰ অঞ্চলৰ নতুন প্ৰজন্মৰ উত্তৰণ নিবিচাৰে।

আমছুয়ে চৰকাৰলৈ প্ৰশ্ন কৰিছে বাজেটত চৰ অঞ্চলৰ শিক্ষাৰ্থীসকল কিয় অৱহেলিত হৈছে?

অসম চৰ চাপৰিত প্ৰায় ৩০ লাখৰ অধিক মানুহে বসবাস কৰা লোকসকলৰ কল্যাণাৰ্থে ধ্যাৰ্য কৰা নহ’ল কোনো ধৰণৰ ধন বা বিশেষ আঁচনি। চৰত অঞ্চলত বসবাস কৰা লোকসকল কি অসমৰ বাসিন্দা নহয় নেকি? চৰ অঞ্চলৰ শিক্ষাৰ্থীসকলৰ ডক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ অধিকাৰ নাই নেকি?

আমছুৰ দাবী কৰিছে শীঘ্ৰে চৰ অঞ্চলৰ উন্নয়নৰ বাবে পৃথক সচিবালয়, পৃথক বাজেটৰ ব্যৱস্থা কৰিব লাগে। আমছুৰ হুংকাৰ কম দিনৰ ভিতৰতে আমছুৰ ফালৰ পৰা প্ৰতিবেদন দাখিল কৰিব ৰাজ্যপালক।

এইবাৰৰ বাজেটত হজ যাত্ৰীৰ বাবে কোনো ধৰণৰ আঁচনি বা ধন আবণ্টন দিয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top