শংকৰদেৱ নেত্ৰালয়,গুৱাহাটীৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ….
বিহালীৰ বিহমাৰীত ”The Lighting Lamp Foundation”-ৰ উদ্যোগত শ্ৰী শংকৰদেৱ নেত্ৰালয়,গুৱাহাটীৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

আজি বিহালীৰ বিহমাৰী গাওঁ পঞ্চাতত ”দ্যা লাইটিং লেম্প ফাউণ্ডেশ্যন”-ৰ উদ্যোগত আৰু গুৱাহাটীৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰা হয়। এই বিনামূলীয়া চকু পৰীক্ষা শিৱিৰটো মুকলি কৰে সমাজকৰ্মী দেৱকান্ত খেৰুৱায়ে।

এই চিকিৎসা শিবিৰটোত প্ৰায় ২৫০ গৰাকীকৈও অধিক ব্যক্তিয়ে চকু পৰীক্ষা কৰে। উল্লেখ্য যে-যি সকল ৰোগীৰ অস্ত্ৰোপ্ৰচাৰৰ বা চশমাৰ প্ৰয়োজন হ’ব সেই সকল ৰোগীক গুৱাহাটীলৈ সকলো খৰচ বহন কৰি চশমা প্ৰদান কৰাৰ লগতে অস্ত্ৰোপ্ৰচাৰ ব্যৱস্থা কৰা হ’ব বুলি দ্যা লাইটিং লেম্প ফাউণ্ডেশ্যনৰ সভাপতি চিৰঞ্জীৱ পাঠকে জানিবলৈ দিয়ে।
