প্ৰমোদ বড়োৰ কাৰ্যকাল ৩১ মাৰ্চত সমাপ্ত হ’ব-বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী

“প্ৰমোদ বড়োৰ কাৰ্যকাল ৩১ মাৰ্চত সমাপ্ত হ’ব। প্ৰমোদ বড়োৰ ‘ভেলিডিটি’ আৰু তিনিদিন আছে। তিনিদিনৰ ভিতৰত ‘সি’ ইচ্ছা কৰি কি কাম কৰে, কৰিব পাৰে। ইয়াৰ পাছত ‘তাৰ’ কাগজ-কলমৰ কাম নাই। এতিয়া এপ্ৰিলৰ পৰা ২০২৫-২৬ নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ’ব। এই নতুন বিত্তীয় বৰ্ষৰ ‘পইচা’ত ‘সি’ হাত দিব নোৱাৰে ।”- চিৰাঙৰ বিজনীৰ বাগৰগাঁওত শুকুৰবাৰে বিয়লি BTC প্ৰধান প্ৰমোদ বড়োক এইদৰে কটাক্ষ কৰিলে BPF ৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

আনহাতে, BTC ৰ জনসাধাৰণে বিচাৰিলে “UPPL আৰু BPF ” ঐক্যবদ্ধ হ’ব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত BPF ৰ কেন্দ্ৰীয় সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয়ঃ এইটো অসম্ভৱ কথা । যদি ৰাইজে বিচাৰে আমাৰ ক’বলগীয়া একো নাই।

উল্লেখ্য থুৰিবাৰী ব্লক বিপিএফৰ উদ্যোগত বিজনীৰ বাগৰগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা দেৱানপাৰা প্ৰাইমাৰী BPFৰ কৰ্মী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি BPF ৰ কেন্দ্ৰীয় সভাপতি হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে ।

উক্ত কৰ্মী সভাত BPFৰ কৰ্মী সকলৰ সৈতে BPF ৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে মত বিনিময় কৰে।

থুৰিবাৰী ব্লক বিপিএফৰ সভাপতি সন্তোৰাম বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত BPF ৰ কেন্দ্ৰীয় উপ-সভাপতি কাষ্টম বসুমতাৰী, সম্পাদক কামাল আজাদ, যুৱ BPFৰ কেন্দ্ৰীয় উপ-সভাপতি প্ৰহ্লাদ ব্ৰহ্মসহ নেতৃবৃন্দ উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top