শিৱসাগৰত প্ৰাক্-নিৰ্বাচনী হিংসাৰ উত্তপ্ত পৰিস্থিতি
অসম দৰ্শন আঁচনিৰ চেক বিতৰণৰ সময়তে সংঘৰ্ষ হোৱাৰ অভিযোগ

নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই শিৱসাগৰৰ গৌৰিসাগৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। গৌৰিসাগৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় চৌহদত বিজেপি আৰু ৰাইজৰ দলৰ কৰ্মীসকলৰ মাজত সংঘটিত হয় খণ্ডযুদ্ধ।
অসম চৰকাৰৰ “অসম দৰ্শন” আঁচনিৰ অধীনত বিতৰণ হ’বলগীয়া চেকৰ বিতৰণ কাৰ্যসূচী চলি থকা অৱস্থাতে সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি। উল্লেখযোগ্যভাৱে, সংঘৰ্ষৰ সময়ত আঘাতপ্ৰাপ্ত হয় বিধায়কৰ ব্যক্তিগত সহায়ক।

প্ৰশাসনে স্থানীয় বিধায়ক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিল, কিন্তু তেওঁ উপস্থিত হোৱাৰ পূৰ্বেই বিতৰণ কাৰ্য আৰম্ভ কৰা হয়। এই ঘটনাক লৈ ৰাইজৰ দলৰ কৰ্মীসকলে অভিযোগ উত্থাপন কৰে আৰু ফলস্বৰূপে বিজেপি কৰ্মীসকলৰ সৈতে সংঘাতৰ সৃষ্টি হয়।
সংঘৰ্ষৰ পিছত আঘাতপ্ৰাপ্ত গগৈয়ে গৌৰিসাগৰ থানাত এজাহাৰ দাখিল কৰে। এই অভিযোগত বিজেপিৰ থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক, বিজেপি এগৰাকী নেতাৰ বিৰুদ্ধে মাৰপিট কৰা, প্ৰাণে মৰাৰ চেষ্টা আৰু প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে।

সংঘাতৰ পিছতে অনুষ্ঠানস্থলীত উপস্থিত হয় শিৱসাগৰৰ । এতিয়া এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে, তাক লৈ চৌদিশে তীব্ৰ কৌতূহল ব্যক্ত হৈছে। স্থানীয় ৰাইজে হিংসাত্মক ঘটনাৰ তীব্ৰ গৰিহণা প্ৰকাশ কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে।
পৰৱৰ্তী দিনত এই ঘটনাৰ প্ৰতি চৰকাৰ তথা নিৰ্বাচনী আয়োগে কিদৰে প্ৰতিক্ৰিয়া জনাব, তাক লৈও চৰ্চা অব্যাহত আছে।