কেতিয়ালৈ নিৰ্মাণ হব ৰঙিয়াৰ তিনিআলি (RM-2) ৰেলগেটৰ উৰণীয়া সেতু?

দীৰ্ঘদিনে ৰঙিয়াবাসী লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু BTR অঞ্চলৰ ৰাইজে জিয়াতু ভুগি আহিছে তিনিআলিত থকা ৰেলগেট খনক লৈ ।

ৰেলগেট খনৰ বাবে ঘন্টাৰ পিছত ঘন্টা ধৰি আবদ্ধ হয় জৰুৰীকালীন সেৱাৰ লগত জড়িত বাহন সমুহকে ধৰি স্কুলীয়া ছাত্ৰ ছাত্ৰী।

ৰেলগেট বন্ধ থকাৰ বাবে গৰ্ভৱতী মহিলাও ৰেলগেটতে প্ৰসৱ কৰাৰ উপৰিও অসমৰ ৰাজ্যপাল গৰাকীও ৰেলগেটত আৱদ্ধ হৱলগা হৈছিল ।

উক্ত ৰেলগেটৰ বাবে এতিয়া দৈনিক লাখ লাখ যাতায়ত কৰা পথচাৰী তথা বাহনসমুহ জিয়াতু ভুগিবলগীয়া হৈছে ।

অতিশীঘ্ৰে উৰণীয়া সেতু নিৰ্মাণৰ দাবী ৰঙিয়া নাগৰিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় ৰাজহুৱা সভা।

উক্ত সভাৰ জড়িয়তে মুখ্যমন্ত্ৰীৰ সঁহাৰি বিচাৰিছে ৰঙিয়াবাসীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top