শিক্ষাৰ প্ৰতি সজাগতা সৃষ্টিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পদক্ষেপ

ডিমৌ শাখাৰ উদ্যোগত বিদ্যালয় পৰিদৰ্শন, অভিভাৱক সাক্ষাৎ আৰু “চল যাব স্কুল” যাত্ৰা

অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ শাখাৰ উদ্যোগত এক শৈক্ষিক কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হৈছে। এইক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ ভিতৰত সজাগতা বৃদ্ধি আৰু বিদ্যালয় মূখীতা আগবঢ়াবলৈ বিভিন্ন দিশৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

কাৰ্যসূচী অনুসৰি সন্থাৰ এটি পৰিদৰ্শক দলে আঠাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কৃষ্ণবিহাৰী বাগিছা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়ৰ বিভিন্ন সমস্যা, উপস্থিতি, শিক্ষাৰ মান আদি সন্দর্ভত বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে। লগতে আধাতে বিদ্যালয় এৰি দিয়া ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ অভিভাৱকৰ সৈতে কথা পাতি তেওঁলোকক পুনৰ বিদ্যালয় অভিমুখী কৰিবলৈ উৎসাহিত কৰে।

পৰৱৰ্তী পৰ্যায়ত মহখুটি উপ শাখাৰ উদ্যোগত আৰু BSK উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণত মহখুটি বাগিছা লাইনসমূহৰ ভিতৰেদি “চল যাব স্কুল” শীৰ্ষক এখন সচেতনতামূলক যাত্ৰা অনুষ্ঠিত হয়। এই যাত্ৰাত অংশগ্ৰহণকাৰী সকলে “চল যাব স্কুল”, “শিক্ষা আমাৰ অধিকাৰ”, “হামৰা লিখা পঢ়া কৰব”, “বাগিছাত শিক্ষাক গুৰুত্ব দিয়ক”, “আধাতে বিদ্যালয় এৰি থকা ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ পঠিয়াওক” আদি শ্লোগানেৰে সমগ্ৰ অঞ্চল প্ৰতি এক সচেতন বার্তা প্ৰেৰণ কৰে।

এই শৈক্ষিক অভিযানত উপস্থিত থাকে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি দিগন্ত তাছা, শিৱসাগৰ জিলাৰ সভাপতি ৰাজকিশোৰ ভুমিজ, ডিমৌ শাখাৰ সভাপতি বিচিত্ৰ তাঁতী, সম্পাদক বিশ্বনাথ নাগ, মহখুটি উপ শাখাৰ সভাপতি মনোজ মালি, সম্পাদক গণেশ মালি, উপ-সভাপতি কিষাণ গোৱালা, সহকাৰী সম্পাদক জ্যোতিকান্ত ৰাজপুত আৰু সন্থাৰ বহুতো সদস্য। লগতে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে যাত্ৰাত অংশ লৈ শিক্ষাৰ প্ৰতি এক জাগৰণ সৃষ্টিৰ দৃষ্টান্ত স্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top