কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ….
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰিলে সপৰিয়াল সহ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উপভোগ কৰি আনন্দিত হৈ পৰে ক্ৰিকেটাৰগৰাকী। বিভিন্ন জীৱ-জন্তুৰ লগতে বাঘ দেখাৰ সৌভাগ্য লাভ কৰে ক্ৰিকেটাৰগৰাকীয়ে।
মঙলবাৰে পুৱাই জীপ ছাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ দৃশ্য উপভোগ কৰিলে ক্ৰিকেট মাষ্টাৰ শচীন তেণ্ডুলকাৰে ৷ কাজিৰঙাৰ বাগৰি বনাঞ্চলত পৰ্যটকৰ হৰ্ষোল্লাসৰ মাজত পৰিয়ালসহ খোলা জীপত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷

উল্লেখ যোগ্য যে, ইয়াৰ পূৰ্বে তেণ্ডুলকাৰসহ পৰিয়ালক নগাঁও জিলা প্ৰশাসনে আদৰণি জনায় ৷ আনহাতে উপস্থিত থকা পৰ্যটক আৰু স্থানীয় লোকৰ কাষলৈ গৈ সকলোৰে প্ৰণিপাত গ্ৰহন কৰাৰ লগতে শচীনক অসমীয়াৰ স্বাভিমান গামোচাৰে আদৰণি জনাই। লগতে ডোঙা দৰ্শন চূড়াত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ক্ৰিকেটাৰগৰাকীক কফি টেবুল বুক উপহাৰ দিয়ে।

বিভিন্ন জীৱ-জন্তুৰ লগতে বাঘ দেখাৰ সৌভাগ্য ঘটে ক্ৰিকেটাৰগৰাকীৰ ৷ আৰু বন দুৰ্গাৰ লগত মত বিনিময় কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷