বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুত প্ৰতিগৰাকী চহা অসমীয়াৰ এপাক ককাল ভাঙি নাচিবৰ মন।

নিজৰ দায়িত্ব কৰ্মব্যস্ততাৰ মাজতে ৰঙিয়া থানাত আৰক্ষী সকলে পালন কৰিলে ৰঙালী বিহু ।

ৰঙিয়া আৰক্ষী থানা চৌহদত গৰু বিহুৰ দিনাই আৰক্ষী বিষয়াৰ লগতে সকলো কৰ্মচাৰীয়ে ককাল ভাঙি নাচিলে

জেষ্ঠ সকলক বিহুৱান পিন্ধাই তথ সেৱা ল’লে লগতে দৈ বৰাচাউলেৰে কৰিলে আপ্যায়ন

সঁচাকৈয়ে এক মনোমোহা দৃশ্য পৰিলক্ষিত হল ৰঙিয়া আৰক্ষী থানা চৌহদত

ৰঙিয়া আৰক্ষী প্ৰশাসনৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে এনেদৰে পালন কৰে বহাগ বিহু

যি সময়ত কৰ্ম ব্যস্ততাৰ বাবে পৰিয়ালৰ লোকৰ পৰা বহু দূৰত থাকিব লগা হয় সেই সময়ত এই পৰিবেশ দেখি সচাকৈ ভাল লাগিল

ৰঙিয়া আৰক্ষী থানাৰ‌ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিত নাথ একান্ত প্ৰচেষ্টাৰ এনেদৰে আৰক্ষী লোক সকলৰ বাবে আয়োজন কৰা এই অনুষ্ঠানৰ বাবে সকলোৱে প্ৰশংসা কৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top