ৰঙিয়াৰ জয়ন্তীপুৰত ব’হাগী উৎসৱ উদযাপন….

ৰঙিয়াৰ জয়ন্তীপুৰত ৰূপহী ৰঙিয়াৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক বহাগী উৎসৱ উদযাপন।

অনুষ্ঠানৰ আৰম্ভণিতে বিভিন্ন খেল ধেমালি অনুষ্ঠিত হোৱাৰ লগতে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে শাহুমাক বোৱাৰীৰ সেৱা প্ৰতিযোগিতা।

আনহাতে বহাগী উৎসৱৰ মঞ্চ উদ্ধোধন কৰে অসম উদ্যোগিক উন্নয়ন‌ নিগমৰ সঞ্চালক প্ৰধান অমিত বৰুৱাই।

অমিত বৰুৱা উপস্থিত হৈ অসমৰ বাপুতি সাহোন ৰঙালী বিহু সন্দৰ্ভত বিভিন্ন যোগাত্মক মন্তব্য আগবঢ়াই অনুষ্ঠানৰ জৰিয়তে।

ইফালে প্ৰতিযোগিতাৰ বটা বিতৰণী অনুষ্ঠানত বটা বিতৰক হিচাপে উপস্থিত থাকে ৰঙিয়া সীতাৰা নিবাসী বিশিষ্ট সমাজ সেৱিকা ৰাণু কলিতা।

উল্লেখ্য যে ৰূপহী ৰঙিয়া নামৰ এই গ্ৰুপটিয়ে ৰঙিয়াৰ বিভিন্ন অঞ্চলত এনেধৰণৰ কাৰ্য্যসূচী ৰূপায়ন কৰি আহিছে‌‌ লগতে বিভিন্ন সামাজিক কামত জড়িত হৈ আহিছে তেওঁলোক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top