বৰপেটা জিলাৰ চৌদিশে বলিছে ‌পঞ্চায়ত নিৰ্বাচনৰ বতাহ…

বৰপেটা জিলা সৰভোগ ভৱানীপুৰ সমষ্টিৰ চৌদিশে বলিছে ‌পঞ্চায়ত নিৰ্বাচনৰ বতাহ। উৎকণ্ঠা বৃদ্ধি পাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ ।

সৰভোগৰ ৭ নং নিচুকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৯ নং খণ্ডৰ সাহপুৰ সৰভোগ গাৱৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী কুলছুম খাতুন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে।

নিচুকা পঞ্চায়তৰ ৰাইজৰ যথেষ্ট সহাৰি সমৰ্থনত উৎকণ্ঠা বৃদ্ধি পাইছে ভোটাৰ ৰাইজৰ মাজত ।

দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনৰ লক্ষ্যৰে আৰু ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৯ নং খণ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী কুলছুম খাতুনে । কুলছুম খাতুনৰ প্ৰতীক চিহ্ন হৈছে টৰ্চ লাইট

বিশেষকৈ নিচুকা পঞ্চায়তৰ মূল সমস্যা হৈছে ৰাস্তা ঘাট আৰু গৰাহখহনী বিধৱা পেঞ্চন , অৰুনোদয় আচনিৰ সমস্যা এই সকলো সমস্যা সমাধান কৰিব বুলি উল্লেখ কৰে ।

বিগত সময়ছোৱাত ৱাৰ্ড সদস্যই যি উন্নয়নৰ কাম কৰিছিল তাতকৈ এইবাৰ কুলছুম খাতুনে অধিক উন্নয়নৰ কাম কৰিব বুলি জানিব দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top