✍️কথাচহকী বিধায়ক সুশান্ত বৰগোহাঁইৰ শিৱসাগৰৰ ডিমৌ সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ নামত ফোপোলা স্বৰূপ উন্মোচন
✍️উন্নয়নৰ মুখ দেখিবলৈ ব্যৰ্থ ডিমৌৰ হালধীবাৰী লাইনৰ ৰাইজ
✍️ৰাজনৈতিক বঞ্চনাৰ বলি এখন পিছপৰা চাহ বাগিচা

কথাচহকী বিধায়ক সুশান্ত বৰগোহাঁইৰ শিৱসাগৰৰ ডিমৌ সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ নামত ফোপোলা স্বৰূপ উন্মোচন
উন্নয়নৰ মুখ দেখিবলৈ ব্যৰ্থ হালধীবাৰী লাইনৰ ৰাইজ, ৰাজনৈতিক বঞ্চনাৰ বলি এখন পিছপৰা চাহ বাগিচা।
ডিমৌ খৰাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত হালধীবাৰী লাইনত এতিয়াও উন্নয়নৰ ৰেঙণি দেখিবলৈ নোপোৱা দৃষ্টান্ত স্থাপন কৰিছে। স্বাধীনতাৰ এতিয়া প্ৰায় ৭৫ বছৰৰ পাছতো এই অঞ্চলৰ ৰাইজে যাতায়তৰ সু-ব্যৱস্থা, বাসগৃহ, আৰু আধুনিক চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন সময় তথা প্ৰতিবৰ্ষ অনুযায়ী অগণন আঁচনি মুকলি কৰি ৰাজহুৱা ধনৰ অপব্যৱহাৰ নকৰাৰ দোহাই দিলেও, এই অঞ্চলৰ পৰিবেশ সম্পূৰ্ণ ভিন্ন।

বিগত কেইবছৰ ধৰি প্ৰধানমন্ত্ৰী আবাস যোজনা (PMAY)-ৰ অধীনত লক্ষাধিক গৃহ নিৰ্মাণৰ কৰি থকা চৰকাৰী ঘোষণা হোৱা স্বত্ত্বেও খৰাহাট গাঁও পঞ্চায়তৰ ৬নং ওৱাৰ্ডৰ হালধীবাৰী লাইনৰ শতাধিক ভোটাৰৰ এজনো ব্যক্তিয়ে এতিয়ালৈকে আবাস গৃহ লাভ কৰা নাই। ফলস্বৰূপে, ক্ষোভ আৰু হতাশাই মুৰ তুলি উঠিছে ৰাইজৰ মাজত।
উল্লেখযোগ্য যে, বিধায়ক পুঁজিৰ পৰা ৮ লাখ টকা যাতায়তৰ উন্নয়নলৈ অনুমোদন দিয়া হৈছিল। প্ৰকল্পটোত আধুনিক পথ নিৰ্মাণৰ আশ্বাস দিয়া হৈছিল। কিন্তু বাস্তৱতে উন্নয়ন নহৈ একাংশ ৰাজনৈতিক নেতাৰ আশীৰ্বাদত চলা ঠিকাদাৰ-ৰাজনীতিক চক্রই শিল পেলাই কেৱল প্ৰদৰ্শনীমূলক কাম কৰি থৈ গ’ল। ৰাইজে অভিযোগ কৰিছে যে কামৰ গুণগত মানৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু লুণ্ঠন সংঘটিত হৈছে।

স্বাধীনতাৰ পূৰ্বে আৰম্ভ হোৱা এই চাহ বাগিচাৰ লাইন এতিয়াও কেঁচা পথ, বোকাপানী আৰু অন্ধকাৰৰ মাজতে জীৱন পাৰ কৰি আছে। বিধায়কৰ উদ্যোগ থাকিলেও ৰাজনৈতিক বঞ্চনা নেতা-পালিনেতা আৰু ঠিকাদাৰ-ৰাজনীতিক আঁত ধৰা লোকৰ বাবে উন্নয়ন কাহানিও চকুত নপৰিলে।
এই পৰিস্থিতিত এক নতুন আশাৰ পোহৰ হিচাপে আগবাঢ়িছে ডিমৌৰ এজন যুৱ প্ৰতিনিধি — মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ স্নাতক ছাত্ৰ কপিল নায়ক। পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কপিলৰ প্ৰতি ৰাইজৰ আশাবাদী দৃষ্টিভংগী লক্ষ্য কৰা গৈছে। বিশেষকৈ যুৱ প্ৰজন্মই তেওঁৰ ওপৰত ভৰসা ৰাখি উন্নয়নৰ আশাৰে আগবাঢ়ি আহিছে।
হালধীবাৰী লাইনৰ ৰাইজে আশা প্ৰকাশ কৰিছে যে কপিল নায়কৰ দৰে যুৱ প্ৰতিনিধিৰ হাতত এই অঞ্চলৰ জনজীৱনত সঁচা অৰ্থত সাৰ্থক বিকাশ আৰু সামাজিক ন্যায়ৰ শুভাৰম্ভ ঘটিব।