শিৱসাগৰত পুত্ৰৰ দাৰ আক্ৰমণত পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, পুত্ৰ পলাতক

শিৱসাগৰত পুত্ৰৰ দাৰ আক্ৰমণত পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, পুত্ৰ পলাতক

শিৱসাগৰ জিলাৰ ১ নং চিন্তামণি গড় গাঁৱত এক শোকাবহ ঘটনা সংঘটিত হৈছে। নিজ পুত্ৰৰ দাৰ আক্ৰমণত সোমেশ্বৰ গোৱালা (৫৫) নামৰ এগৰাকী পিতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান জয়সাগৰ অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি, দৈও গোৱালা নামৰ পুত্ৰজনে মদ্যপান অৱস্থাত নিজ পিতৃক অমানৱিকভাৱে দাৰে আক্ৰমণ কৰে।আক্ৰমণত পিতৃ গৰাকীৰ শৰীৰৰ বিভিন্ন অংশত গভীৰ আঘাতপ্ৰাপ্ত হয়। আক্ৰমণৰ পাছতেই দৈও গোৱালা ঘটনাস্থলীৰ পৰা পলায়ন কৰে । স্থানীয় ৰাইজে ঘটনাৰ বিষয়ে অৱগত হৈ গৌৰীসাগৰ থানাত খবৰ দিয়ে। আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সহযোগত আহত পিতৃক ততাতৈয়াকৈ জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়।

আৰক্ষীয়ে ঘটনাটোকলৈ পলাতক দৈও গোৱালাৰ সন্ধানত অভিযান চলাইছে বুলি জানিব পৰা গৈছে। ঘটনাটো অঞ্চলজুৰি উত্তেজনা আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন পুত্ৰই নিজ পিতৃৰ ওপৰত এনে নৃশংস আচৰণ চলোৱাৰ ঘটনাই সমাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। পলাতক অভিযুক্তক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী কৰিছে সচেতন মহলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top