বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘৰীয়ালডুবিৰ নিবাসী ৩৭বছৰীয়া ৰমন গড় কৰ্ম থলীলৈ যোৱাৰ পথতে নিৰুদ্দেশ হোৱাৰ ঘটনাই তোলপাৰ লগাইছে সমগ্র অঞ্চল।

পৰিয়ালৰ লোকৰ পৰা জানিবলৈ দিয়া অনুসৰি ৰমন গড় আৰু পৰিয়ালৰে এজনৰ লগত গুজৰাটলৈ বুলি ২৪ফেব্ৰুৱাৰী নিশা ট্ৰেইনেৰে যাত্ৰা কৰিছিল।

কিন্তু গুজৰাট পোৱাৰ আগতেই ৰাজকুটত যুৱক জন সন্ধানহীন হৈ পৰে বুলি লগত যোৱা জনে পৰিয়ালৰ লোকক অৱগত কৰে।

বৰ্তমান পৰিয়ালৰ লোকে এই সন্দৰ্ভত ৰাজকুট আৰক্ষীৰ লগতে বোকাজান আৰক্ষী থানাটো দাখিল কৰিছে এজাহাৰ।

যদি কোনো ব্যক্তিয়ে সন্ধানহীন হৈ থকা ব্যক্তি ৰমন গড়ক দেখা পায় তেন্তে 8471947599 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় পৰিয়ালৰ লোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top