ৰাজ্যত পূৰ্ণগতিত চলিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰঙিয়াৰ সংখ‍্যালঘু অঞ্চলসমুহত বিজেপিৰ নিৰ্বাচনী ৰণডংকা ।

ৰঙিয়াত বিজেপিৰ জিলা পৰিষদৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য সকলৰ হৈ প্ৰচাৰ চলাইছে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ প্ৰাক্তন সভাপতি ভবেশ কলিতাই।

ভবেশ কলিতাই অংশগ্ৰহণ কৰা কেইবাখনো সভাত কংগ্ৰেছ , এ আই ইউ ডি এফৰ অৰ্ধ শতাধিক লোকৰ বিজেপি দলত যোগদান ।

যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে ৰঙিয়াত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে শাসক পক্ষই ।

জিলা পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী মনালিছা কলিতাৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰ পঙ্কজ ডেকাক লগত লৈ বিধায়ক ভবেশ কলিতাই ৰঙিয়াৰ মৰাণজানা,কেকেনিকুছি আৰু পদুম কুঁৱৰী পঞ্চায়তৰ বিভিন্ন অঞ্চলৰ সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

সমষ্টিটোৰ লগতে অসমৰ সৰ্বাংগীন উন্নতি হোৱা বুলি দাবী কৰি বিধায়ক গৰাকীয়ে ৰাইজক বিজেপিক ভোটদিবলৈ আহ্বান জনায় ।

লগতে দলটোৰ প্ৰক্ষেপিত প্ৰাৰ্থী দুগৰাকীও ৰাইজৰ আগত ভাষণ দি ভোট ভিক্ষা কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top