বীৰ লাচিত সেনাৰ কামৰূপ জিলাৰ মুখ্য সম্পাদক নিতু আহমেদ ওৰফে নিতু অসমকক গ্ৰেপ্তাৰৰ দাবী আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ..

বীৰ লাচিত সেনাৰ কামৰূপ জিলাৰ মুখ্য সম্পাদক নিতু আহমেদ ওৰফে নিতু অসম আৰু আনসকল সহযোগীক গ্ৰেপ্তাৰৰ দাবী আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ । অভিযুক্তসকলক শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ অসম প্ৰদেশৰ । জানিব পৰা মতে ৰাষ্ট্ৰীয় বজৰংগ দলৰ কাৰ্যনিৰ্বাহক সদস্য তথা অটো কেয়াৰ হোণ্ডাৰ মেনেজাৰৰ ওপৰত শাৰীৰিক আক্ৰমণ আৰু অপমানৰ অভিযোগ উত্থাপিত হৈছে বীৰ লাচিত সেনা নামৰ সংগঠনৰ বিৰুদ্ধে । এই ঘটনাৰ এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত ৰাষ্ট্ৰীয় বজৰংগ দলে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । অভিযোগ অনুসৰি, অটো কেয়াৰ হোণ্ডাৰ মেনেজাৰ তথা ৰাষ্ট্ৰীয় বজৰংগ দলৰ কাৰ্যনিৰ্বাহক সদস্যই তেওঁৰ অধীনত কৰ্মৰত এজন কৰ্মচাৰীৰ প্ৰতি দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । এই ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে বীৰ লাচিত সেনাৰ কামৰূপ জিলাৰ মুখ্য সম্পাদক নিতু আহমেদ ওৰফে নিতু অসমৰ নেতৃত্বত কেইবাজন সদস্যই মেনেজাৰজনৰ ওপৰত শাৰীৰিক আক্ৰমণ চলায় । জানিব পৰা মতে, আক্ৰমণকাৰীসকলে মেনেজাৰজনক শাৰীৰিকভাৱে অপদস্থ কৰি, তেওঁক কাণত ধৰি উঠা-বহা কৰিবলৈ বাধ্য কৰে । ইয়াৰ পিছতো সংগঠনটোৰ উদণ্ড কাৰ্যকলাপ ইয়াতে শেষ নহয় ।

তেওঁলোকে এই অপমানজনক ঘটনাৰ ভিডিঅ’ ধাৰণ কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে, যিয়ে ৰাষ্ট্ৰীয় বজৰংগ দলৰ তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে । আইনী পদক্ষেপ আৰু পলাতক অভিযুক্ত ঘটনাৰ পিছত ৰাষ্ট্ৰীয় বজৰংগ দলে বীৰ লাচিত সেনাৰ কামৰূপ জিলাৰ মুখ্য সম্পাদক নিতু আহমেদ ওৰফে নিতু অসমৰ লগতে জড়িত আন সকল সহযোগীৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । এজাহাৰ দাখিলৰ পিছতেই নিতু আহমেদ আৰু তেওঁৰ সহযোগীসকল পলাতক হৈ আছে বুলি জানিব পৰা গৈছে । ৰাষ্ট্ৰীয় বজৰংগ দলে এই ঘটনাক গুৰুত্বৰে লৈ জড়িত সকলো দোষীক সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top