শিৱসাগৰত ঐতিহাসিক প্ৰতিবাদী সমাবেশ অনুষ্ঠিত

শিৱসাগৰত আজি এক ঐতিহাসিক প্ৰতিবাদী সমাবেশ অনুষ্ঠিত হয়, য’ত বহু সংখ্যক স্থানীয় বাসিন্দাই একত্ৰিত হৈ পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰোধী ধ্বনিৰে শান্তিৰ সমৰ্থনত এক শক্তিশালী প্ৰতিবাদ প্ৰকাশ কৰে।
ৰংঘৰৰ বাকৰিৰ পৰা নগৰৰ মাজমজিয়ালৈকে পাকিস্তান মুৰ্দাবাদ, সন্ত্ৰাসবাদ মুৰ্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদী সমদল বাহিৰ কৰে।

বিশেষভাৱে, “উজনি অসম থলুৱা মুছলিম পৰিষদ”ৰ আয়োজিত এই একত্ৰিত সমাবেশৰ পৰা এক মৌলিক আহ্বান আগবঢ়োৱা হৈছে, য’ত পাকিস্তানৰ সৈতে সকলো সম্বন্ধ চেদ কৰাৰ দাবী আৰু পাকিস্তানৰ সন্ত্ৰাসবাদীক নিঃশেষ কৰাৰ আহ্বান জনোৱা হয়।

এই প্ৰতিবাদৰ মূল উদ্দেশ্য- ভাৰতৰ শান্তি শৃংখলা কোনো কাৰণত যাতে বিঘ্নিত নহ’য়। প্ৰতিবাদীসকলে স্পষ্টকৈ প্ৰকাশ কৰে যে, অসম তথা ভাৰতৰ শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ৰক্ষাৰ বাবে কোনো ধৰণৰ অপৰাধ, দ্ৰোহ বা ৰাষ্ট্ৰদ্রোহৰ স্থান থাকিব নোৱাৰিব।
