লাখুটি লৈ আহিল ৮০ বছৰীয়া আইতা, ডিমৌত ভোটদান কৰি ক’লে – “বেলটত ভোট দি ভালেই লাগিল”

আজিৰ পঞ্চায়ত নিৰ্বাচনত ডিমৌত দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। পুৱাৰ পৰাই বিভিন্ন ভোটকেন্দ্ৰত দীঘলীয়া শাৰী পাতি ৰৈছে বহু সংখ্যক ভোটাৰ। ভোটদানেৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছে সকলো বয়সৰ নাগৰিকে।

তেনে এটা অনুকৰণীয় দৃশ্য দেখা গৈছে ডিমৌৰ ৰাইছাই এইটো ভোটকেন্দ্ৰত, য’ত লাখুটি লৈ উপস্থিত হয় এগৰাকী ৮০ বছৰীয়া বৃদ্ধা। বেলটত ভোট দি ওলাই আহি সেই আইতাই কলে — “নিজে আহি নিজৰ ভোট দিম বুলি কেতিয়াও এলাহ নকৰো। বেলটত ভোট দি ভালেই লাগিল।”

এইবাৰ ডিমৌ সমষ্টিত ২৮ খন গাঁও পঞ্চায়ত, ২ খন আঞ্চলিক পঞ্চায়ত আৰু ৪ খন জিলা পৰিষদ আসনত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

নির্বাচনী প্ৰক্ৰিয়াত স্থানীয় ৰাইজৰ অংশগ্ৰহণে ভোটকেন্দ্ৰসমূহত সৃষ্টি কৰিছে গণতান্ত্ৰিক চেতনা আৰু সচেতনতাৰ এক দীপ্ত ছবি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top