শিৱসাগৰৰ দিচাংমুখত ভোট বৰ্জনৰ সিদ্ধান্ত !
শিৱসাগৰৰ দিচাংমুখত ভোট বৰ্জনৰ সিদ্ধান্ত ! ৩৭২ টা অনুসূচিত জাতিৰ ভোট অন্য এলেকাত জাপি দিয়া অভিযোগ

শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচাংমুখ গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডত ভোট অধিকাৰৰ ওপৰত এক গভীৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। ফলস্বৰূপে, স্থানীয় ৰাইজে একগোট হৈ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঘটনাই অঞ্চলটোৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

৫ নং ৱাৰ্ডত মুঠ ১০২৬ জন ভোটাৰ আছে, যাৰ ভিতৰত প্ৰায় ৬০০ জনই অনুসূচিত জাতিৰ অন্তৰ্গত। অভিযোগ অনুসৰি, ইয়াৰ ভিতৰত ৩৭২ টা ভোটকে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত বলমা মিৰি ৬ নং ৱাৰ্ডত জাপি দিয়া হৈছে। ক্ষোভিত ৰাইজৰ মতে, এই কামত জিলা প্ৰশাসন, স্বায়ত্ব পৰিষদ আৰু একাংশ ৩য় পক্ষ যুক্ত হৈ চক্ৰান্ত কৰিছে।
দিচাংমুখ অঞ্চলটো এতিয়ালৈকে উন্নয়নৰ মুখ দেখা নাই। ৰাস্তাঘাট, বিদ্যুৎ, পানী, শিক্ষা আদিৰ ক্ষেত্ৰত অঞ্চলটো বহুদিন ধৰি উপেক্ষিত হৈ আছে। এই ক্ষেত্ৰত ভোট জাপি দিয়াৰ দৰে ঘটনাই ৰাইজৰ মাজত অধিক ক্ষোভ জন্মাইছে।
স্থানীয় ৰাইজৰ দাবী, এই ষড়যন্ত্ৰত লিপ্তসকলৰ বিৰুদ্ধে শাস্তি প্ৰদান আৰু ৩৭২ টা ভোট পুনৰ ৫ নং ৱাৰ্ডলৈ সংযোজন কৰিব লাগিব। যদি শীঘ্ৰেই এই সমস্যা সমাধান নহয়, তেন্তে ৰাইজে আগন্তুক বিধানসভা নিৰ্বাচনতো ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে।

স্থানীয় একাংশ নেতা আৰু সমাজসচেতনে এই ঘটনাক “গণতন্ত্ৰৰ ওপৰত তীব্ৰ আঘাত” বুলি অভিহিত কৰিছে। তেওঁলোকৰ দাবী, ৰাজনৈতিক স্বাৰ্থৰ বাবে জনজাতি সমূহৰ অধিকাৰ হৰণ কৰা এক বিপদজনক চক্ৰান্ত অতিশীঘ্ৰেই বন্ধ কৰিব লাগে।